নাঙলৰ সমৰ্থনতহে অসমত পদুম ফুল ফুলিছে : হিমন্ত বিশ্ব শৰ্মা

‘নাঙলৰ সমৰ্থনতহে অসমত পদুম ফুল ফুলিছে । অসমত যে পদুম ফুল ফুলিল সেইয়া নাঙলৰ সমৰ্থনৰ বাবেহে সম্ভৱ হৈছে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ সমৰ্থনতহে অসমত বিজেপি চৰকাৰ গঠন কৰিব পৰা গৈছে।’ এই ভাষ্য ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাবলৈ আহি তামুলপুৰৰ কুমাৰীকাটাত আজি মন্ত্ৰী গৰাকীয়ে এইদৰে কয়।

কেইবা সহস্ৰাধিক লোকৰ সমাগাম হোৱা বিশাল সভাখনত শৰ্মাই সাংসদ নৱ কুমাৰ শৰণীয়াক অনাবড়ো লোকৰ ঠিকাদাৰ বুলিও কটাক্ষ কৰি কয়, ‘বিগত নিৰ্বাচনত বড়ো-অনাবড়োৰ ভোট বিভাজনেৰে সাংসদ হিচাপে নিৰ্বাচিত হোৱা নৱ কুমাৰ শৰণীয়াই নিজকে নিৰাপত্তা দিব নোৱাৰে। তেওঁ অনাবড়ো সকলক কি দৰে নিৰাপত্তা প্ৰদান কৰিব? আলফাৰ পৰা অহা নৱ কুমাৰ শৰণীয়াই তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ অপৰাধত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত সাংসদ হিচাপে নিৰ্বাচিত হ’বলৈ নিৰ্বাচন খেলিবলৈ আহিছে। গতিকে নৱ কুমাৰ শৰণীয়াৰ নিজৰেই নিৰাপত্তা নোহোৱা হৈছে।‘

নাঙলৰ ছবিত প্ৰমিলা ৰাণী ব্ৰহ্মক ভোট দিবলৈ ৰাইজক আহ্বান জনাই শৰ্মাই বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰে।

আনহাতে সভাত  অংশগ্ৰহণ কৰি বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নৱ কুমাৰ শৰণীয়া আৰু ইউ জি ব্ৰহ্মক ক্ষুৰধাৰ সমালোচনা কৰে। ‘ইউ জি ব্ৰহ্মৰ কোনো কাম নাই’ বুলি মন্তব্য কৰি তেওঁ কয়, ‘ইউ জি ব্ৰহ্মই আগতেও নিৰ্বাচন জিকা নাই আৰু এইবাৰো জিকিব নোৱাৰে।‘ ইপিনে নৱ শৰণীয়াক সমালোচনা কৰি মহিলাৰীয়ে কয়, ‘নৱ শৰণীয়াক ৰাইজে এতিয়া আৰু আঁকোৱালি নলয়। বিগত পাঁচ বছৰে সাংসদ হিচাপে নৱ কুমাৰ শৰণীয়াই উন্নয়নৰ এটা কামো কৰিব নোৱাৰিলে।‘

সভাত ৰাজসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু তামলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়েও বক্তব্য ৰাখে। আজি উক্ত সভাত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, বি টি চিৰ কার্যবাহী সদস্য দেবেন বড়ো, এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীকে ধৰি কেইবাগৰাকী বিজেপি আৰু বি পি এফ নেতা উপস্থিত থাকে।