পৰেশ বৰুৱা-গান্ধী পৰিয়াল, আলফা-হিজবুল-আল কাইদা সন্দৰ্ভত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্বৰ

Himata VS Paresh Baruah

পৰেশ বৰুৱা-হিমন্ত বিশ্ব শৰ্মা। ফাইল ছবি।

পৰেশ বৰুৱাৰ ভতিজাককে ধৰি বহু যুৱক-যুৱতী আলফা (স্বাঃ)মুখী হোৱাৰ চৰ্চাৰ মাজতে ই কোনো ‘বাতৰি নহয়’ বুলি মন্তব্য কৰাৰ লগতে সমগ্ৰ বিষয়টো সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী শৰ্মাৰ মতে ৩ কোটি জনসংখ্যাৰ অসমত পৰেশ বৰুৱাৰ ভতিজা আলফা (স্বাঃ)ত ভৰ্তি হোৱাটো বাতৰি নহয়, বৰঞ্চ কংগ্ৰেছত ‘ৰাজীৱ গান্ধীৰ পিছত ৰাহুল গান্ধী’ৰ দৰে ভতিজাক মুন্না পৰেশ বৰুৱাৰ পিছত সংগঠনটোৰ দায়িত্ব ল’বলৈ গৈছে।

“পৰেশ বৰুৱাৰ ঘৰৰ ল’ৰা আলফাত যাবই, পৰেশ বৰুৱাতো আগৰ পৰাই আলফা। পৰেশ বৰুৱাৰ ৬০-৭০বছৰ হ’ল, কাৰ্য্যভাৰটো গতাব লাগিব নিজৰ পৰিয়ালৰে কাৰোবাক। যিদৰে কংগ্ৰেছৰ ৰাজীৱ গান্ধীৰ পাছত ৰাহুল গান্ধী,” বুধবাৰে গুৱাহাটীত প্ৰদেশ বিজেপিৰ কাৰ্য্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশৰ পিছতে সাংবাদিকৰ আগত এই মন্তব্য জ্যেষ্ঠ মন্ত্ৰীগৰাকীৰ।

প্ৰশ্নকৰ্তা সাংবাদিকক ওলোটাই হিমন্ত বিশ্বৰ প্ৰশ্ন, ’‘আপোনাৰ ভায়েকজনে যদি আপুনি কাম কৰা চেনেলত যোগদান কৰে সেইটো নিউজ হ’ব পাৰে নেকি?’’

নাগৰিকত্ব বিধেয়কে আলফা (স্বাঃ)ত ‘নতুনকৈ প্ৰাণ দিলে’ বুলি অসম আৰক্ষী (বিশেষ শাখা)ৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই শেহতীয়াকৈ মন্তব্য কৰাৰ বিপৰীতে শৰ্মাই আলফামুখী ‘ল’ৰা’ পূৰ্বতকৈ হ্ৰাস হোৱা বুলি দাবী কৰে।

“সন্ত্ৰাসবাদী সংগঠনত বছৰি ১৫০-২০০ ল’ৰাই যোগদান কৰি থাকে, সেইটো কোনো নতুন কথা নহয়। আগে-পাছে বছৰত ১০০-১৫০ ল’ৰা আলফাত গৈছিল,” শেহতীয়াকৈ আলফা (স্বাঃ)লৈ ‘মাত্ৰ ৩ জন ল’ৰা গৈছে’ বুলি দাবী কৰি এই মন্তব্য শৰ্মাৰ।

অসমৰ শেহতীয়া উত্তপ্ত পৰিস্থিতিত আলফা (স্বাঃ)ৰ প্ৰতি যুৱসমাজৰ সমৰ্থন বঢ়া কথাটোও অগ্ৰাহ্য কৰিছে মন্ত্ৰীজনে।

“ছ’চিয়েল মিডিয়াত আলফাৰ লগতে আল কাইদাকো মানুহে সমৰ্থন কৰে। ছ’চিয়েল মিডিয়াত হিজবুল মুজাহিদীনক সমৰ্থন কৰি ল’ৰা গৈছিল,” শৰ্মাৰ যুক্তি।

শৰ্মাই লগতে কয় যে পৰেশ বৰুৱা শান্তি আলোচনালৈ আহি আলফাক শেষ নকৰা পৰ্য্যন্ত আলফালৈ ল’ৰা গৈয়ে থাকিব।