NORTHEAST NOW (Assamese)

বিজেপিৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ : তেজপুৰত প্ৰাৰ্থী মন্ত্ৰী পল্লৱ লোচন দাস

March 23, 2019 6:50 am · এন ই নাও নিউজ
Updated: March 23, 2019 8:06 am
সাংসদ পল্লৱ লোচন দাস। ফাইল ফটো

বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে শুকুৰবাৰে নিশা লোকসভা নিৰ্বাচনৰ বাবে ইয়াৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। তৃতীয়খন প্ৰাৰ্থী তালিকাত মুঠতে ৩৬ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।

বিজেপিৰ তৃতীয়খন প্ৰাৰ্থী তালিকাত অসমৰ বহু চৰ্চিত হৈ পৰা তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰা হৈছে। তেজপুৰত বিজেপিৰ প্ৰাৰ্থী হ’ব মন্ত্ৰী পল্লৱ লোচন দাস।

বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপস্থিতিত দলৰ শীৰ্ষ নেতাসকলৰ বৈঠকৰ পাছতে দলটোৱে ইয়াৰ তৃতীয়খন তালিকা প্ৰকাশ কৰে।

বিজেপিৰ সদ্য ঘোষিত প্ৰাৰ্থী পল্লৱ লোচন দাস ৰাজ্য চৰকাৰৰ শ্ৰম আৰু নিয়োগ (স্বতন্ত্ৰ দায়িত্ব), চাহ জনজাতি কল্যাণ (স্বতন্ত্ৰ দায়িত্ব) আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

উল্লেখযোগ্য যে তেজপুৰত বিজেপিৰ প্ৰাৰ্থিত্বক লৈ শেহতীয়াভাৱে সৃষ্টি হোৱা জটিলতাৰ পাছত দলটোৱে পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰি সকলো জল্পনা-কল্পনাৰ অন্ত পেলালে।

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে সমষ্টিটোৰ বৰ্তমানৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই অলপতে বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছিল। তদুপৰি, সমষ্টিটোত ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্বৰ শৰ্মাৰ নামো প্ৰাৰ্থী হিচাপে বহুলভাৱে চৰ্চিত হৈছিল।

Related News