মাৰ্ঘেৰিটাৰ লিডুত চাহ শ্ৰমিকৰ মাজত ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, মাস্ক বিতৰণ

ল’কডাউনৰ সময়তে আজি মাৰ্ঘেৰিটাৰ লিডু  চাহ বাগিছা পৰিভ্ৰমণ কৰে অসম চৰকাৰৰ ৰাজ্যিক  শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে।

মহামাৰী ক’ৰ’না ভাইৰাছৰ  সম্পৰ্কে শ্ৰমিক সকলক অধিক সজাগ আৰু সচেতন কৰাৰ লক্ষৰে লিডুত  উপস্থিত হয় মন্ত্ৰী গৰাকী।

বাগিছা সমূহত বসবাস কৰা কৰ্মচাৰী,  শ্ৰমিক তথা অন্যান্য ব্যক্তি সকলক চৰকাৰৰ নীতি -নিৰ্দেশনা সমূহ মানি চলিবৰ বাবে আহ্বান জনায় তেওঁ।

ইয়াৰ সমান্তৰালভাৱে বাগিছা সমূহত বসবাস কৰা শ্ৰমিক সকলৰ মাজত একোখনকৈ মাস্ক বিতৰণ কৰাৰ লগতে শ্ৰমিক সকলৰ  বিভিন্ন সমস্যাৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে।

অসমৰ চাহ উদ্যোগটো জীয়াই ৰাখিবৰ বাবে বিশেষকৈ শ্ৰমিক সকল সুস্থ হৈ থাকিব লাগিব বুলিও সংবাদমাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সঞ্জয় কিষাণে ৷

তেওঁ কয় যে, মহামাৰী ক’ৰ’নাৰ বিৰুদ্ধে চলি থকা যুঁজখন জয় হ’বলৈ হ’লে চৰকাৰ,  চাহ বাগিচাৰ মালিক, কৰ্মচাৰী আৰু শ্ৰমিক সকলে যৌথ ভাৱে সংগ্ৰাম কৰিব লাগিব তেতিয়াহে ক’ৰ’নাৰ বিৰুদ্ধে কৰি থকা যুঁজখনত জয়যুক্ত হ’ব পৰা যাব।

লগতে চাহ শ্ৰমিক সকলে এইসময়ত পাব লগা সা-সুবিধা সমূহ লাভ কৰিছে নে নাই সেই সম্পৰ্কেও পৰ্য্যালোচনা কৰি থকা হৈছে বুলি সংবাদমাধ্যমাৰ আগত জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।

এগৰাকী মহিলা চাহ শ্ৰমিকে সংবাদ মাধ্যমৰ অগাত কয় যে, পূৰ্বে কেতিয়াও তেওঁলোকৰ মাজত অসমৰ কোনো এজন শ্ৰম মন্ত্ৰী অহা নাছিল কিন্তু এই মহামাৰীৰ বিপদৰ সময়ত এইদৰে চাহ শ্ৰমিকৰ মাজত শ্ৰম মন্ত্ৰী গৰাকীয়ে নিজেই উপস্থিত হৈ সজাগতামূলক বক্তব্য তথা মাস্ক বিতৰণ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।