অসমৰ সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী প্ৰকাশ জাভেদকাৰক অসমৰ পৰা গুজৰাটলৈ ৪ টা হাতী নিব বিচৰা প্ৰক্ৰিয়াটো শীঘ্ৰে বন্ধ কৰাৰ বাবে আহ্বান জনাইছে।
উত্তৰ ভাৰতৰ গৰমৰ দহনৰ মাজতে অসমৰ পৰা চাৰিটা হাতীৰ বিখ্যাত জগন্নাথ মন্দিৰত শোভা বৰ্দ্ধনৰ বাবে কন্টকময় যাত্ৰা আৰম্ভ কৰিবলৈ সাজু কৰা হৈছে।
লগতে পঢ়ক প্ৰাণঘাতী গৰমত বিধি উলংঘনেৰে গুজৰাটলৈ নিব খোজা হৈছে অসমৰ চাৰিটাকৈ হাতী
জগন্নাথ মন্দিৰত অহা ৪ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ৰথযাত্ৰাৰ বাবে অসমৰ পৰা চাৰিটা হাতী আহমেদাবাদলৈ নিব বিচৰা হৈছে।
অসমৰ বন বিভাগে চাৰিটাকৈ হাতী প্ৰেৰণ কৰিবলৈ লোৱা সিদ্ধান্তত চিন্তিত হৈ গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে প্ৰকাশ জাভেদকাৰলৈ তাৎক্ষণিকভাৱে জন্তুকেইটাৰ পৰিবহন বন্ধ কৰিবলৈ এখন পত্ৰ লিখিছে।
‘’জন্তুৰ পৰিবহণ সদায়েই বিপদজনক। বহুতো বন্যপ্ৰাণী কৰ্মীয়ে ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে,’’ বুলি উল্লেখ কৰি গগৈয়ে কয় যে এই মুহূৰ্তত ভাৰতত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ চলি আছে।
লগতে পঢ়ক মৃত্যু ভয়ে “থমাইছে” অসমৰ হস্তীৰ গুজৰাট যাত্ৰা
কলিয়াবৰৰ কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে ছয় দশকৰ ভিতৰত দেশৰ প্ৰায় আধা অংশই অত্যন্ত খৰাং পৰিস্থিতিৰ মাজেৰে পাৰ কৰিছে।
‘’এইটো হাতীৰ যাত্ৰাৰ বাবে অত্যন্ত প্ৰতিকূল অৱস্থা। এনে ধৰণৰ পৰিস্থিতিত হাতীয়ে বিষম ছালৰ সংক্ৰমণ আৰু ডিহাইড্ৰেশ্যন (দেহত পানী কমি যোৱা)ত ভূগিব পাৰে,’’-কেন্দ্ৰীয় মন্ত্ৰী গৰাকীলৈ লিখা পত্ৰখনত গগৈয়ে এইদৰে কয়।
কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে কয় যে হাতী কেইটা পোহমনা নে বনৰ পৰা ধৰি অনা সেয়া এতিয়াও স্পষ্ট নহয়। ‘’… আৰু চৰকাৰী নিয়মে ধৰ্মীয় অনুষ্ঠানৰ বাবে বন্য প্ৰাণী প্ৰেৰণৰ অনুমতি দিয়েনে?’’-পত্ৰখনত তেওঁ প্ৰশ্ন কৰে।
লগতে পঢ়ক অসমৰ ২ বনৰীয়া হাতীক “ঘৰচীয়া” মৰ্য্যাদা বন বিভাগৰ
যিসময়ত অসম চৰকাৰৰ বন বিভাগৰ বিষয়াসকলে চাৰিটা হাতীৰ পৰিবহণৰ বিষয়টোৰ বিতৰ্ক সন্দৰ্ভত মুখ বন্ধ কৰি ৰাখিছে, তেনে সময়তে প্ৰকাশ জাভেদকাৰলৈ লিখা গৌৰৱ গগৈৰ পত্ৰখনে হাতী চাৰিটাৰ পৰিবহণৰ বিৰুদ্ধে চলি থকা অভিযানক এক মাত্ৰা প্ৰদান কৰিব।
অসমৰ বন বিভাগে ইতিমধ্যে হাতীৰ পৰিবহণক লৈ ভুল পথ অনুসৰণ কৰিছে কিয়নো জানিব পৰা মতে চাৰিটা হাতীৰ ভিতৰত দুটা পোহ মনা নহয় আৰু জংঘলৰ পৰা ধৰি অনাহে।