• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ২ বনৰীয়া হাতীক “ঘৰচীয়া” মৰ্য্যাদা বন বিভাগৰ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 19, 2019 8:24 pm
Assam Forest accords “domestic” status to 2 wild elephants

সৌজন্য-- Pratidin Time।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বন বিভাগে বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ উলংঘা কৰিছে, আৰু বনৰ পৰা ধৰি অনা দুটা অপ্ৰাপ্তবয়স্ক হাতীক বেসময়ত (out-of-turn) প্ৰদান কৰিছে “ঘৰচীয়া” মৰ্য্যাদা।

সেই দুটাকে ধৰি মুঠ চাৰিটাকৈ হাতী তিনিচুকীয়াৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ নিয়াৰ বাবে অসমৰ বন বিভাগে শেহতীয়াকৈ অনুমতি দিছে।

Apply Now

অহা ৪ জুলাইত হ’ব লগা ৰথ যাত্ৰা কাৰ্য্যসূচীত হাতীকেইটাই অংশগ্ৰহণ কৰাৰ কথা।

সেই দুয়োটা হাতীয়ে তাৎপৰ্য্যপূৰ্ণভাৱে ঘৰত জন্মা নহয়, আৰু সিহঁতক ২০১৮ চনৰ জানুৱাৰিত বনত ধৰা হৈছিল। সিহঁতক প্ৰশিক্ষণ দি ঘৰচীয়া কৰা হৈছে।

“ঘৰচীয়া” মৰ্য্যাদা দিয়া হাতী দুটাক ৰূপসিং আৰু ৰাণী বুলি চিনাক্ত কৰা হৈছে। দুয়োটা হাতীৰ বয়স ছয়ৰ পৰা সাত বছৰৰ ভিতৰৰ।

আহমেদাবাদলৈ পৰিবহণ সহজ কৰাৰ কাৰণে, অসমৰ বন বিভাগৰ বিষয়াৰ নিৰীক্ষণত ৰাণী আৰু ৰূপসিঙৰ কাণত যোৱা ১৫ জুনত মাইক্ৰ’চিপ সংস্থাপন কৰা হৈছে।

ৰূপসিঙৰ মাইক্ৰ’চিপৰ নম্বৰ 000770A96E, হাতীটোৰ মালিক তিনিচুকীয়াৰ লক্ষীপথাৰৰ পিয়ল মৰাণ।

ৰাণীৰ মাইক্ৰ’চিপৰ নম্বৰ 000770AB16, আৰু মালিক হৈছে তিনিচুকীয়াৰ লাইকা গাঁৱৰ জোগীনাথ পেগু।

আহমেদাবাদলৈ পৰিবহণ প্ৰক্ৰিয়া সহজ কৰাৰ বাবে বন বিভাগে দুয়োটা হাতীৰ নামত মালিকৰ প্ৰমাণপত্ৰ জাৰি কৰিছে।

বনৰীয়া জীৱ ধৰাৰ ক্ষেত্ৰত বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ খুব কঠোৰ বিধি আছে, ইয়াক আইনখনৰ ধাৰা ২(১৬)ৰ অধীনত “চিকাৰ” ৰূপে সংজ্ঞায়িত কৰা হৈছে। ১নং সূচীৰ জন্তু হিচাপে আইনখনৰ ৯নং ধাৰাই বনৰ পৰা হাতী ধৰা নিষিদ্ধ কৰিছে।

এই আইন মতে, বনৰীয়া হাতী ধৰা সম্পূৰ্ণৰূপে অবৈধ। ই এক অ-আপোচযোগ্য (non-compoundable) অপৰাধ, সাত বছৰৰ কাৰাযোগ্য, আৰু ইয়াৰ জৰিমনা ন্যূনতম ১০০০০ টকা।

বনৰ পৰা ধৰা হাতী দুটাক বেসময়ত “ঘৰচীয়া”ৰ মৰ্য্যাদা দিবলৈ অসমৰ বন বিভাগৰ ওপৰত এনে কি “বাধ্য-বাধকতা” আছিল?

মন্তব্য সংগ্ৰহ কৰাৰ বাবে অসমৰ পি চি চি এফ (বন্যপ্ৰাণী) ৰঞ্জনা গুপ্তা উপলব্ধ নাই। বুধবাৰে তেওঁ ফ’ন উঠোৱা নাই।

বন্যপ্ৰাণী কৰ্মীসকলৰ মতে, হাতীকেইটা যদি বনৰ পৰা অবৈধভাৱে ধৰা হৈছে, তেন্তে সিহঁতক মাইক্ৰ’চিপ লগাই আৰু মালিকৰ প্ৰমাণপত্ৰ দি “ঘৰচীয়া”ৰ মৰ্য্যাদা দিয়াৰ ক্ষমতা অসমৰ বন বিভাগৰ নাই।

ভাৰতৰ হস্তী সংৰক্ষণৰ ইতিহাসত চাগে এইটোৱে প্ৰথম ঘটনা য’ত বনৰ পৰা ধৰা অপ্ৰাপ্তবয়স্ক জন্তুক “ঘৰচীয়া” মৰ্য্যাদা দিয়াত ৰাজ্যিক বন বিভাগ জৰিত হৈছে।

তাৰোপৰি, যদিহে হাতীকেইটা ধন বা আন কিবা কাৰণত ছমাহৰ বাবে ভাৰাত আহমেদাবাদলৈ স্থানান্তৰ কৰা হয়, তেন্তে ই হ’ব বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ধাৰা ৪৩ৰ উলংঘন।

আইনখনৰ ধাৰা ৪৩(১) মতে, কোনো ব্যক্তিয়ে তেওঁৰ নিয়ন্ত্ৰণ বা দখলত থকা এটা বন্দী জন্তুক, যাৰ নামত তেওঁৰ এখন মালিকী প্ৰমাণপত্ৰ আছে, ব্যৱসায়িক প্ৰকৃতিৰ কোনো ধৰণৰ বিবেচনাৰে হস্তান্তৰ কৰিব নোৱাৰে।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd