বানপানী আৰু গৰাখহনীয়াক যুটীয়াভাৱে ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবী তুলিলে সাংসদ প্ৰদ্যুত বৰদলৈয়ে

Pradyut_Bordoloi1

প্ৰদ্যুত বৰদলৈ। উৎস-ইণ্টাৰনেট

মঙলবাৰে কয়লা কেলেংকাৰীৰ প্ৰসংগ উত্থাপনেৰে সংসদৰ মজিয়া উত্তাল কৰি তোলা নগাঁৱৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুত বৰদলৈয়ে বুধবাৰে সংসদৰ মজিয়াত উত্থাপন কৰে বানপানী আৰু গৰাখহনীয়াৰ প্ৰসংগ। নিজৰ বক্তব্যৰ সময়ত অসমৰ দীৰ্ঘদিনীয়া দুটাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি স্থায়ী সমাধানৰ প্ৰসংগ উল্লেখ কৰে বৰদলৈয়ে।

‘আজি মই সংসদৰ মজিয়াত কলো যে অসমৰ বানপানী তাহানিৰ পৰাই হয়এই দুই সপ্তাহ ধৰিও হৈ আছে। এই বানপানী কেইদিনমানৰ পাচত শুকাই যাবথৈ যাব এলানি ধ্বংসলীলা, পিচে গোটেই বছৰ ধৰি চলি থাকিব নদীৰ পাৰ ভঙা কাৰ্য্য।

এতিয়া কেন্দ্ৰীয় চৰকাৰে বানপানীৰ লগতে গড়াখহনীয়াক এটা যুটীয়া সমস্যা হিচাবে যদি ৰাষ্ট্ৰীয় দায়বদ্ধতাৰে নিৰ্মূল কৰাৰ চেষ্টা নকৰে তেন্তে অসমে অকলে এই সমস্যাৰ সমাধান কান্ধ পাতি লব নোৱাৰে।‘ নিজৰ ভাষণৰ এটা ভিডিঅ’ আপল’ড কৰি ফেইচবুক পেইজত এইদৰে লিখিছে সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

তদুপৰি, ‘গৰাখহনীয়া কেৱল এক দুর্যোগে নহয়।‘ এইদৰে ভাষণ প্ৰসংগত উল্লেখ কৰি বৰদলৈয়ে কয়  ‘ব্ৰহ্মপুত্ৰৰ পানীৰ তলৰ সোঁত বৰ শক্তিশালী আৰু ই বহু জোৰে পাৰ সমূহত খুন্দা মাৰে। তেতিয়াই পানী বাগৰি আহি কাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰে। এয়া ৰোধ কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ।‘

আনহাতে, চৰকাৰে নতুনকৈ নামকৰণ কৰা জলশক্তি বিভাগক অনুৰোধ জনাই বৰদলৈয়ে কয় ‘এহাতে চুবুৰীয়া ৰাষ্ট্ৰ চীন, ভুটান আৰু বাংলাদেশক অন্তৰ্ভুক্ত কৰিব পাৰে, অন্যহাতে, উত্তৰপূৱৰ অসমৰ অন্যান্য চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ নদী উপত্যকা প্ৰাধিকৰণ আছে, সেইবোৰৰ সৈতে যোগাযোগ কৰি জল সম্পদৰ সামগ্ৰিক বিকাশ কৰিব পৰা যায়।‘

তেওঁ আৰু কয় ‘যেতিয়া দেশৰ কিছু ঠাইত পানীৰ নাটনি ঘটে, তেতিয়া অসমৰ পানীৰ পৰিসোধনৰ জৰিয়তে নিৰ্মল পানী লাভ কৰিব পাৰিব। (When entire country in water crisis, we could put up water refinery in assam, we could construct the pipeline we could give clean water from manas sorubar)

নিজৰ ফেইচবুক ৱালত তেওঁ লগতে লিখিছে ‘মই কলো যে চৰকাৰৰ জলশক্তি‘ বুলি নতুনকৈ নামাকৰণ কৰা বিভাগটোৱে এতিয়া দূৰৈৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দৰদ দেখুৱালে লাভ নাইঅসমৰ বানপানী আৰু গড়াখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি আমাৰ জলসম্পদৰ সামগ্ৰিক বিকাশ কৰি অসমৰ লগতে দেশৰো বিকাশ কৰিবলৈ আগবাঢ়ি আহক। আৰু কলো – ‘You look after us, we will take care of the nation’

‘মোৰ নগাঁও সংসদীয় সমষ্টিৰ লাহৰিঘাট আৰু জাগীৰোডৰ দৰে অসমৰ বিভিন্ন নদীপৰীয়া এলেকাবোৰত প্ৰতি বছৰে এই বিভীষিকাৰ বাবে হাজাৰ হাজাৰ বিঘা খেতিৰ মাটিমানুহৰ ঘৰ বাৰীখেলপথাৰ,মন্দিৰ মচজিদ আদি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়।‘ ফেইচবুক পেইজত এইদৰে লিখে বৰদলৈয়ে।