নাবালিকাক উৎপীড়ণ কৰি কেৰালাত গ্ৰেপ্তাৰ অসমৰ যুৱক

Assam Man Held For Molesting Minor In Kerala

কেৰালাৰ ৰাজধানী চহৰ তিৰুৱন্তপুৰমত এগৰাকী নাবালিকাক উৎপীড়ণ কৰি গ্ৰেপ্তাৰৰ সন্মুখীন হৈছে এজন অসমীয়া যুৱক।

থাম্পানুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে জনী কাচোব নামৰ যুৱক জনক গ্ৰেপ্তাৰ কৰে। নাবালিকাক উৎপীড়ণ কৰাৰ অভিযোগত অসমৰ যুৱক জনৰ বিৰুদ্ধে Protection of Children from Sexual Offences Act,2012 চমুকৈ POCSO Act ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

অভিযুক্ত যুৱক জনক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

প্ৰতিবেদন অনুসৰি বুধবাৰে সন্ধিয়া থাইকাউডৰ এখন চৰকাৰী চিকিৎসালয়ৰ সন্মুখত এই ঘটনাটো সংঘটিত হৈছিল।

নাবালিকা ছোৱালীজনীয়ে তাইৰ পৰিয়ালৰ সৈতে এখন গাড়ীত যাত্ৰা কৰি আছিল। অলপ সময়ৰ পিছত বাহনখনৰ পৰা এক অদ্ভুত শব্দৰ পিছত বাহনখনৰ যাত্ৰীসকল বাহনখনৰ নামি আহিছিল।

সেই মুহূৰ্ততে বিপৰীত ফালৰ পৰা আহি থকা জনীয়ে ছোৱালীজনীক উৎপীড়ন কৰিছিল। লগে লগে স্থানীয় লোকে যুৱকজনক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।

প্ৰথমে জনীক POCSO আইনৰ প্ৰাসংগিক ধাৰাৰ সৈতে অভিযুক্ত কৰা হৈছিল আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু পিছত তেওঁ মানসিক অস্থিৰতাৰ লক্ষণ দেখুওৱাৰ পিছত তেওঁক চৰকাৰী মানসিক চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়।