NORTHEAST NOW (Assamese)

মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিলে অসমৰ হেদায়েত আলীয়ে

May 12, 2022 4:03 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ হেদায়েত আলীয়ে আজি সফলতাৰে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে। এইদৰে তেওঁ মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত উপনীত হোৱা অসমৰ সপ্তম পৰ্বতাৰোহী হিচাপে পৰিগণিত হয়।

জন্মসূত্ৰে কামৰূপৰ হাজোৰ বাসিন্দা হেদায়েত আলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত কৰ্মৰত।

আজি পুৱা ৭:৩০ বজাত হেদায়েত আলী এভাৰেষ্টৰ শীৰ্ষত উপনীত হৈছিল।

১১ জনীয়া পৰ্বতাৰোহী দলৰ সৈতে আলীয়ে এই অভিযানত অংশ লৈছিল।

উল্লেখ্য যে হেদায়েতে ইতিপূৰ্বে দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট আকনোগুৱাও আৰোহণ কৰিছিল।

লগতে মাউণ্ট এলব্ৰাছ আৰু মাউণ্ট কিলিমাঞ্জাৰো আৰোহণ কৰাৰ কৃতিত্বও অৰ্জন কৰিছে পৰ্বতাৰোহী জনে।

হেদায়েত আলী পেচাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিলিকন ভেলীৰ এজন ছফ্টৱেৰ অভিযন্তা।

উল্লেখযোগ্য যে, হিমালয়ৰ মহালাংগুৰ হিমাল উপ-পৰিসৰত অৱস্থিত মাউণ্ট এভাৰেষ্ট হৈছে সাগৰ পৃষ্ঠৰ ওপৰৰ পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত।

Related News