NORTHEAST NOW (Assamese)

শিৱসাগৰত সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ বিক্ষোভ কাৰ্যসূচী

November 23, 2020 8:55 pm · পার্শ্বজোতি গগৈ

সমগ্ৰ  ৰাজ্যজুৰি আজি সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাই বিভিন্ন দাবীত বিক্ষোভ কাৰ্যসূচী  ৰূপায়ণ কৰে।
শিৱসাগৰ জিলা শ্ৰম বিষয়া কাৰ্যালয়ৰ সন্মুখত নিৰ্মাণ শ্ৰমিক সন্থাৰ শতাধিক কৰ্মীয়ে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

অ’এনজিচি ৱৰ্কাচ এছ’চিয়েচনৰ কাৰ্যালয়ৰ পৰা শতাধিক নিৰ্মাণ শ্ৰমিক সন্থাৰ কাৰ্যকৰ্তাই বিভিন্ন শ্লগানেৰে শোভাযাত্ৰা কৰি জিলা শ্ৰম বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

বিক্ষোভ কাৰ্যসূচী আঁতধৰি নিৰ্মাণ শ্ৰমিক সন্থাৰ সভাপতি নাথু দত্তই বিক্ষোভ কাৰ্য্যসূচীৰ তাৎপৰ্য ব্যাখা কৰে।

আনহাতে, চিপিআই জিলা সম্পাদক কনক গগৈয়ে চৰকাৰে নিৰ্মাণ শ্ৰমিক সকলক কৰি অহা বঞ্চনাৰ বিষয়ে উল্লেখ কৰি চৰকাৰক চোঁকা সমালোচনা কৰে।

চৰকাৰে শ্ৰমিক আইন সংশোধন কৰি ধনী, পুঁজিপতি সকলৰ হৈ অসংখ্য কাম কৰিছে  কিন্তু নিৰ্মাণ শ্ৰমিককে ধৰি সাধাৰণ জনতাক বিভিন্ন ধৰণে মাধমাৰ শোধাইছে বুলিও কনক গগৈয়ে চৰকাৰক কঠোৰ সমালোচনা কৰে।

Related News