NORTHEAST NOW (Assamese)

আজীৱন ব্যৱসায় চলাবলৈ এন আৰ চিত ভুৱা আপত্তিৰ নাটক ৰচিছে আছুৱে

May 17, 2019 6:45 pm · ভাৰ্গৱ হাজৰিকা
Updated: May 17, 2019 7:51 pm
শুকুৰবাৰে চামগুৰিত এ আই ইউ দি এফৰ প্ৰতিবাদত আমিনুল ইছলাম। ছবি-- নৰ্থ ইষ্ট নাও।

বিদেশী সমস্যাৰ নামত আজীৱন “ব্যৱসায়” চলোৱাৰ বাবে এন আৰ চি প্ৰক্ৰিয়াত ভুৱা আপত্তি দাখিলৰ পথ লোৱা বুলি আছুক শুকুৰবাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিধায়ক আমিনুল ইছলামে।

চামগুৰিত এ আই ইউ দি এফৰ এক প্ৰতিবাদী ৰেলিত ধিঙৰ বিধায়কজনে “বিদেশী সমস্যা” সন্দৰ্ভত কংগ্ৰেছ-বিজেপিকো সমালোচনা কৰিলেও তেওঁৰ আক্ৰমণৰ প্ৰধান লক্ষ্য আছিল ছাত্ৰ সন্থা।

“৪০ বছৰ ধৰি আছুৰ লগতে কেইবাটাও সংগঠনে বিদেশী সমস্যাৰ নামত হাজাৰ-কোটি টকা সংগ্ৰহ কৰি আজীৱন চান্দা-বৰঙণিৰ ব্যৱসায় চলাই থাকিবৰ বাবে এন আৰ চি প্ৰক্ৰিয়াত বিলম্ব তথা ভুৱা আপত্তিৰ ব্যৱস্থা কৰি এখন নাটক ৰচিছে,” বিধায়ক ইছলামৰ মন্তব্য।

এন আৰ চি প্ৰক্ৰিয়াত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰি বিধায়কজনে লগতে কয় যে একাংশই ষড়যন্ত্ৰমূলকভাৱে ভুৱা পৰিচয়েৰে আপত্তি দাখিল কৰি বহু পৰিয়ালক অযথা হাৰাশাস্তি কৰিছে।

আনহাতে প্ৰক্ৰিয়াটোত জৰিত চৰকাৰী কৰ্মচাৰীও “ষড়যন্ত্ৰ”ত জৰিত থকাৰ অভিযোগ তুলি বিধায়কজনে এনে লোকৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।

লগতে পঢ়ক– এন আৰ চিত অত্যাচাৰিত ভাৰতীয়ক সহায়ৰ অংগীকাৰ আছুৰ

“কোনো এক পক্ষৰ প্ৰৰোচনাত পৰি এন আৰ চি-ৰ প্ৰক্ৰিয়াৰে জড়িত হৈ থকা কৰ্মচাৰীয়েই ভুৱা পৰিচয়েৰে ৰাজ্যৰ বহুবোৰ স্থানত এচাম দৰিদ্ৰ লোকৰ বিৰুদ্ধে এন আৰ চি-ত আপত্তি দাখিল কৰিছে,” কৰ্মচাৰীৰ গ্ৰেপ্তাৰৰ দাবী তুলি ইছলামৰ মন্তব্য।

এন আৰ চিত হাৰাশাস্তিৰ প্ৰতিবাদত কলিয়াবৰ এ আই ইউ ডি এফ-ৰ প্ৰায় দুশ নেতা-কৰ্মীক লগত লৈ ইছলামে ৰাজহ চক্ৰ বিষয়াক এক স্মাৰকপত্ৰও প্ৰদান কৰে।

Related News