সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰতা এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিৰ

ajmal_b

বদৰুদ্দিন আজমলৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ এইক্ষেত্ৰত পিছ পৰি থকা নাই এ আই ইউ ডি এফৰ দলো ৷

দলৰ সাংগঠনিক কামকাজ মজবুত কৰাৰ লগতে কেন্দ্ৰীয় যুৱ-মহিলা-ছাত্ৰ মৰ্চাৰ নেতৃবৃন্দ‌ই সমষ্টি পৰ্যায়ত ঘোষণা কৰা কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰাৰ অৰ্থে অহা ২০ অক্টোবৰত এখন জৰুৰী বৰ্দ্ধিত কাৰ্যকৰী সভা আহ্বান কৰা বুলি নৰ্থ ইষ্ট নাও ক জানিবলৈ দিছে এ আই ইউ ডি এফ দলৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে ৷

উক্ত দিনা দিনৰ ১১ বজাৰ পৰা বৰপেটা জিলা এ আই ইউ ডি এফ ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব লগীয়া জৰুৰী বৰ্দ্ধিত কাৰ্যকৰী সভাত ৰাজ্যিক কমিটিৰ বিষয়ববীয়া, জিলা কমিটিৰ বিষয়ববীয়া আৰু কাৰ্যকৰী সদস্য, সমষ্টি কমিটিৰ সভাপতি-সাধাৰণ সম্পাদক (প্ৰশাসন), জিলা যুৱ মৰ্চা, জিলা মহিলা মৰ্চা আৰু জিলা ছাত্ৰ মৰ্চাৰ সভাপতি-সাধাৰণ সম্পাদক(প্ৰশাসনিক) সকলক নিৰ্ধাৰিত সময়ত উপস্থিত থাকিবলৈ আহ্বান জনাইছে এ আই ইউ ডি এফ দলৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷