NORTHEAST NOW (Assamese)

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সৈতে অগপই গোপন বুজাবুজি কৰিছিল

December 14, 2018 10:13 pm · উত্তম শইকীয়া

‘বোকাখাতত গঁড় চিকাৰীক প্ৰাৰ্থীত্ব দিয়া আৰু কংগ্ৰেছ দলৰ সৈতে গোপন বুজাবুজি কৰাৰ বাবেই পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে মুখ ঠেকেচা খাব লগা হ’ল।’ আজি বোকাখাতৰ এক সংবাদমেলত বিজেপিৰ বিষয়ববীয়াই এইদৰে মন্তব্য কৰে।

বোকাখাতৰ পুৱতি সাহিত্য ভৱনত আয়োজিত সংবাদমেলত দলটোৰ ৰাজ্যিক সম্পাদক দেৱ প্ৰতীম বৰাই অনাগত দিনত ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হ’লে বোকাখাত বিজেপিয়ে আদৰণি জনাব।

কাৰণ লোকসভা সমষ্টিটোত কংগ্ৰেছে চলাই অহা পৰিয়াল কেন্দ্ৰিক প্ৰভুত্বৰ অৱসান ঘটনাই উন্নয়ন তৰাম্বিত কৰিবলৈ ড০ শৰ্মাৰ দৰে সুনিপুণ ৰাজনীতিকৰ প্ৰয়োজন বুলি মন্তব্য কৰে বৰাই।

তাৰোপৰি ৰাজ্যিক সম্পাদক গৰাকীয়ে বিধায়ক হিচাপে বোকাখাতত অতুল বৰাই একোৱেই কৰিব নোৱাৰিলে বুলি কয়। তেওঁ কয় যে সোণোৱাল চৰকাৰে দিনা জনহিতকৰ কাৰ্যতেই সীমিত অতুল বৰাৰ উন্নয়ন।

আজিৰ সংবাদমেলত বিজেপিৰ দেৱ প্ৰদীপ বৰা, ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য আকাশ ফুকন, ৰাজ্যিক সদস্য অনিমেষ শইকীয়া আৰু মণ্ডল সভাপতি জিতেন শৰ্মাই অংশ গ্ৰহণ কৰে।

Related News