অ’এনজিচি কৰ্মচাৰী অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষী : এজন কনিষ্টবলক গ্ৰেপ্তাৰ

অপহৰণ কাণ্ডটোত অতি কমেও আৰু পাঁচগৰাকী অসম আৰক্ষী জড়িত থকাৰ সন্দেহ তদন্তকাৰী আৰক্ষী বিষয়াৰ

arrest-generic_650x400_71463458726

অ’এনজিচিৰ তিনিগৰাকী কৰ্মচাৰী অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অসম আৰক্ষীৰ এগৰাকী কনিষ্টবলক।

সোমবাৰে শদিয়া আৰক্ষীয়ে অ’এনজিচিৰ কৰ্মচাৰী অপৰহণ কাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ কনিষ্টবলগৰাকী হৈছে বসন্ত বুঢ়াগোহাঁই।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বসন্ত দাসক জেৰা চলাই থকা বুলি প্ৰকাশ কৰিছে।

“আলফা(স্বা)ৰ সৈতে যোগাযোগ থকাৰ অভিযোগত আমি বসন্ত বুঢ়াগোহাঁই গ্ৰেপ্তাৰ কৰিছো। আমি তেওঁক নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছো।” আৰক্ষী সূত্ৰই সংবাদ মাধ্যমৰ আগত কয়।

গ্ৰেপ্তাৰ হোৱা আৰক্ষী কনিষ্টবল বসন্ত বুঢ়াগোহাঁইৰ ঘৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ চপাখোৱাত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে শিৱসাগৰ জিলাৰ লাকুৱাৰ অ’এনজিচিৰ তৈল খাদৰ পৰা আলফা(স্বা)এ তিনিগৰাকী কৰ্মচাৰীক অপহৰণ কৰি নিছিল।

ইয়াৰ পিছতে ভাৰতীয় সেনা, আছাম ৰাইফলছ, অসম আৰক্ষী আৰু নাগালেণ্ড আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলে নাগালেণ্ডৰ মনত জিলাত অপহৰণকাৰী আলফা(স্বা) দলটোৰ ওপৰত আক্ৰমণ কৰি দুজন অপহৃত ক্ৰমে অলকেশ শইকীয়া আৰু মোহন গগৈক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে অন্য এজন অপহৃত ৰিতুল শইকীয়া এতিয়াও সন্ধানহীন হৈ আছে। আলফা(স্বা)এ এক প্ৰেছ বিবৃতিৰ যোগে অপহৃত ৰিতুল শইকীয়া তেওঁলোকৰ জিম্মাত নাই বুলি ঘোষণা কৰাৰ পিছতে উৎকণ্ঠা আৰু ৰহস্যৰ সৃষ্টি হৈছে।

ইফালে আৰক্ষীয়ে উক্ত অপহৰণ কাণ্ডটোত জড়িত থকাৰ অভিযোগত যোৱা ২২ এপ্ৰিলত ১৪ লোকক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে অতি কমেও আৰু পাঁচগৰাকী অসম আৰক্ষী উক্ত অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহ কৰিছে অসম আৰক্ষীয়ে।

“আমি তদন্ত চলাই আছো আৰু এতিয়াই আৰু কোন কোন আৰক্ষী অপহৰণ কাণ্ডটোত জড়িত আছে সেয়া প্ৰকাশ কৰিব নোৱাৰো। অপহৰণত জড়িত থকা কাকোৱে ৰেহাই দিয়া নহ’ব।” আৰক্ষী সূত্ৰটোৱে লগতে কয়।