NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰীৰ আৱাস গৃহত নিয়োজিত হৈ থকা এজন কনিষ্টবলৰ আত্মহত্যা

February 17, 2020 8:45 pm · এন ই নাও নিউজ
প্রতিনিধিত্বমূলক চিত্র

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৱাস গৃহত নিয়োজিত হৈ থকা এগৰাকী অসম আৰক্ষীৰ কনিষ্টবলে  দেওবাৰে নিশা আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাথৰূমত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো ৪৯ বছৰীয়া বাবুল চন্দ্ৰ দাসৰ বুলি চিনাক্ত কৰা হৈছে।

আত্মহত্যা কৰা আৰক্ষী কনিষ্টবলজনৰ ঘৰ বৰপেটা জিলাৰ পাঠশালাৰ সমীপৰ পাঠৰকুছিত।

‘অসমৰ মুখ্য মন্ত্ৰীৰ গুৱাহাটীস্থিত চৰকাৰী আৱাস গৃহৰ বাহিৰত সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছিল’, এই কথা গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই এই কথা জনায়।

কনিষ্টবল গৰাকীৰ মৃত্যু সন্দৰ্ভত এটা সূত্ৰই জনোৱা মতে তেওঁৰ হৃদৰোগৰ চিকিৎসা চলি আছিল আৰু মানসিকভাৱে ভাঙি পৰাৰ ফলতেই তেওঁ আত্মহত্যাৰ পথ বাচি লয় বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে দুবছৰ পূৰ্বে মুখ্য মন্ত্ৰী আৱাস গৃহ চৌহদত এগৰাকী সুৰক্ষা কৰ্মীয়ে নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰিছিল।

Related News