অসম আৰক্ষী দিৱস : ১৩ গৰাকী আৰক্ষী বিষয়ালৈ মুখ্য মন্ত্ৰীৰ পদক

42929622_682276182154392_2495881267518636032_n

অসম আৰক্ষী দিৱসত অভিবাদন গ্ৰহণ কৰিছে মুখ্য মন্ত্ৰী সোণোৱালে। ফটো : ফেচবুক

সোমবাৰে  অসম আৰক্ষী দিৱস পালন কৰা হৈছে। আজি অসম আৰক্ষীৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। গুৱাহাটীৰ কাহিলীপাৰাত কেন্দ্ৰীয়ভাৱে আৰক্ষী দিৱস পালন কৰাৰ সমান্তৰালভাৱে জিলা সদৰসমূহতো আৰক্ষী দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

‘অসম আৰক্ষী দিৱস’ উপলক্ষে গুৱাহাটীৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন গ্ৰাউণ্ডত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মাননীয় মুখ্য মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। মুখ্য মন্ত্ৰীয়ে অসম আৰক্ষীৰ বিভিন্ন গোটে প্ৰদৰ্শন কৰা ‘গাৰ্ড অব্ অনাৰ’ৰ অভিবাদন গ্ৰহণ কৰে।

আৰক্ষী বিষয়ালৈ ‘মুখ্য মন্ত্ৰীৰ পদক’ প্ৰদান সোণোৱালৰ। ফটো : ফেচবুক

‘’এখন শক্তিশালী অসম গঢ়ি তোলাৰ বাবে ৰাজ্যখনক দুৰ্নীতিমুক্ত অপৰাধমুক্ত কৰিব লাগিব ৷ এইক্ষেত্ৰত ৰাইজৰ লগত আৰক্ষীৰ সুসম্পৰ্ক গঢ়ি উঠিব লাগিব,’’-আৰক্ষীৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সোণোৱালে এইদৰে কয়।

তেওঁ লগতে কয় যে এখন শক্তিশালী অসম গঢ়িবলৈ হ’লে ৰাজ্যখনক দুৰ্নীতিমুক্ত আৰু অপৰাধমুক্ত কৰিব লাগিব আৰু ইয়াৰ বাবে ৰাইজৰ সৈতে আৰক্ষীয়ে  সুসম্পৰ্ক গঢ়ি তুলিব লাগিব।

মুখ্য মন্ত্ৰীয়ে স্মাৰ্ট পুলিচৰ জৰিয়তে আৰক্ষী প্ৰশাসনক দক্ষ কৰি তোলাৰ লগত উপৰি আইন শৃংখলা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আনহাতে, মুখ্য মন্ত্ৰী সোণোৱালে আজি আৰক্ষী দিৱসত ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য পালনত বিশেষ দক্ষতা প্ৰদৰ্শন কৰা ১৩ গৰাকী আৰক্ষী বিষয়াক ‘মুখ্যমন্ত্ৰীৰ পদক’ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ এটি বিশেষ প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। আৰক্ষী দিৱসৰ অস্ত্ৰ প্ৰদৰ্শনীত মুখ্যমন্ত্ৰীয়ে এম পি এছ ৰাইফল এটা হাতত তুলি লোৱা দৃশ্যও উপস্থিত লোকসকলে প্ৰত্যক্ষ কৰে। সোণোৱালে আৰক্ষী দিৱসৰ আজিৰ দিনটোত এটি গছপুলিও ৰোপণ কৰে।