ত্ৰিপুৰাৰ পৰা অসমৰ শিলচৰলৈ আহি থকাৰ সময়তে অসম আৰক্ষীয়ে দুগৰাকী মহিলা সাংবাদিক আটক কৰাৰ কথাই এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
HW News Network ৰ দুই মহিলা সাংবাদিক ক্ৰমে সমৃদ্ধি কে ছাকুনিয়া আৰু স্বৰ্ণ ঝাক শিলচৰত আৰক্ষীয়ে আটক কৰাৰ কথা নিউজ নেটৱৰ্কটোৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে।
নিউজ নেটৱৰ্কটোৰ এক বিবৃতিত কোৱা হৈছে যে মহিলা সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে অসম আৰক্ষীৰ ওচৰত কোনো গোচৰ ৰুজু হৈ থকা নাই যদিও ত্ৰিপুৰা আৰক্ষীয়ে কৰা অনুৰোধৰ ভিত্তিতে অসম আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে।
ইপিনে আটক হোৱা মহিলান সাংবাদিক সমৃদ্ধি কে ছাকুনিয়াই টুইটাৰত প্ৰকাশ কৰা মতে তেওঁলোকক আটক কৰি অসমৰ কৰিমগঞ্জ জিলাৰ নিলামবজাৰ আৰক্ষী থানালৈ নিয়া হয়।
ত্ৰিপুৰাৰ গোমতি জিলাৰ আৰক্ষী অধীক্ষকৰ অনুৰোধৰ ভিত্তিতে তেওঁলোকক অসম আৰক্ষীয়ে আটক কৰা বুলি ছাকুনিয়াই প্ৰকাশ কৰিছে।
উল্লেখ্য দেওবাৰে পুৱা ৫-৩০ বজাত মহিলা সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে ফাটিক্ৰয় আৰক্ষী থানাত এজাহাৰ দাখিল হৈছিল। কিন্তু আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা নাছিল।
ত্ৰিপুৰাৰ বিশ্ব হিন্দু পৰিষদৰ এগৰাকী নেতাৰ এজাহাৰৰ ভিত্তিতে মহিলা সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ খ,১৫৩ক আৰু ৫০৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।
সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে ত্ৰিপিুৰাৰ চৰকাৰ আৰু বিশ্ব হিন্দু পৰিষদৰ ভাৱমূৰ্তি ম্লান কৰিব পৰা বাতৰি পৰিবেশনৰ অভিযোগ অনা হৈছে।
উল্লেখ্য ত্ৰিপুৰাৰ গোষ্ঠী সংঘৰ্ষকলৈ মহিলা সাংবাদিক দুগৰাকীয়ে চৰকাৰ আৰু একাংশ হিন্দুত্ববাদী সংগঠনক সমালোচনা কৰি ধাৰাবাহিক ভাবে বাতৰি পৰিবেশন কৰি আহিছিল।