“পুনৰ এনকাউন্টাৰ: ৰাজ্যখনক আতংকময় পৰিস্থিতিলৈ ঠেলি দিব বিচাৰিছে” – ডি ৱাই এফ আই
অসম আৰক্ষীয়ে আৰম্ভ কৰা এনকাউন্টাৰ সংস্কৃতি কিছুদিন বন্ধ আছিল যদিও পুনৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।
উগ্ৰপন্থীৰ সন্দেহত পাঁচজনকৈ যুৱকক এনকাউন্টাৰ কৰি পুনৰ আতংকময় পৰিস্থিতি আমদানি কৰিছে।
মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ ইংগিতত আৰক্ষীয়ে আৰম্ভ কৰা এনকাউন্টাৰ কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এই অমানৱীয়, নিষ্ঠুৰ তথা বেআইনী কাৰ্য তৎকালে বন্ধ কৰিবলৈ দাবী জনাইছে।
উল্লেখযোগ্য যে আৰক্ষীয়ে এনকাউন্টাৰ কৰা যুৱক পাঁচজন আলফাগামী বুলি দাবী কৰাৰ সময়তে পৰিয়ালৰ লোকে তেওঁলোকক নিৰীহ আৰু শ্ৰমজীৱি যুৱক বুলিহে দাবী কৰিছে।
যি কাৰণতেই নহওক এনকাউন্টাৰ কেতিয়া গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলিও মন্তব্য কৰিছে ডি ৱাই এফ আই-এ।
লোকসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে শাসক পক্ষৰ প্ৰত্যক্ষ সহযোগত ৰাজ্যখনত এক আতংকময় আৰু অস্থিৰ পৰিস্থিতি সৃষ্টি কৰিব বিচৰা হৈছে বুলি ডি ৱাই এফ আই-এ অভিযোগ কৰিছে। এনে এক কু-চক্ৰান্তৰে অংশ হৈছে পাঁচজনকৈ যুৱকৰ এনকাউন্টাৰ।
ডি ৱাই এফ আইয়ে এনে ঘৃণনীয় কাৰ্য তৎকালে বন্ধ কৰাৰ দাবী কৰাৰ লগতে এনে কাৰ্য প্ৰতিবাদ কৰিবলৈ সৰ্বস্তৰৰ ৰাইজলৈ আহ্বান জনাইছে।