NORTHEAST NOW (Assamese)

তদন্ত হ’ব গৌৰৱ গগৈৰ পত্নীৰ : অসম আৰক্ষীয়ে গঠন কৰিছে বিশেষ তদন্তকাৰী দল

February 18, 2025 7:10 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 18, 2025 3:37 am

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে গৌৰৱ গগৈৰ পত্নী আই এছ আইৰ সৈতে জড়িত থকা অভিযোগ সম্পৰ্কে তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে সোমবাৰে এটা বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰে।

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পত্নী আৰু এগৰাকী পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ) আৰু ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট ধাৰাত চিআইডি থানাত এই গোচৰটো ৰুজু কৰা হয়।

ভাৰতীয় ন্যায় সংহিতাৰ ৪৮, ৬১, ১৫২, ১৯৭(১)ৰ লগতে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ৰ ধাৰা ১৩(১)ৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে।

এই তদন্তকাৰী দলত থকা বিষয়াসকল হ’ল এম পি গুপ্তা, প্ৰণৱজ্যোতি গোস্বামী, ৰ’জী কলিতা আৰু মৈত্ৰী ডেকা।

Related News