প্ৰকৃততে দায়ী কোন? কিয় বাৰে বাৰে প্ৰশ্ন কাকত ফাদিলৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হয়? লুৰীণজ্যোতিৰ প্ৰশ্ন

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত নিৱনুৱাসকলৰ জীৱনক লৈ হেতালি খেলা হৈছে কিয়?

76784546_1023090254706383_6427435553649590272_o

‘প্ৰশ্ন কাকত ফাদিল হোৱাৰ কাৰণে অসম আৰক্ষীৰ ৫৯৭ টা উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা আধাতে বাতিল কৰিব লগা পৰিস্থিতিৰ বাবে দায়ী কোন? কিয় বাৰে বাৰে প্ৰশ্ন কাকত ফাদিলৰ দৰে পৰিস্থিতি উদ্ভৱ হয়? বছৰ বছৰ জুৰি এটা চাকৰিৰ কাৰণে হা-হুমুনিয়াহ কাঢ়ি থকা লাখ লাখ শিক্ষিত ছাত্ৰ-ছাত্ৰীৰ মনত এনে ঘটনাই কেনেধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে এবাৰ ভাবি চাইছেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া?‘ নিজৰ ফেইচবুক পোষ্টযোগে এইদৰে প্ৰশ্ন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

তদুপৰি, ২৩ লাখ নিবনুৱাক সংস্থাপন দিম বুলি প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা আপোনাৰ নেতৃত্বৰ চৰকাৰখনৰ দিনত বাৰে বাৰে নিবনুৱাসকলৰ জীৱনৰ লগত হেতালি খেলা হৈছে কিয় ? বুলি প্ৰশ্ন কৰি তেওঁ বিজেপি চৰকাৰৰ নিযুক্তিৰ ক্ষেত্ৰত বিফলতাসমূহ দাঙি ধৰে।

‘যোৱা দুবছৰে জলসিঞ্চন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া সম্পাদন কৰিব নোৱাৰিলে। এপিডিচিএলৰ বাচনি পৰীক্ষা সম্পাদন কৰিব নোৱাৰিলে। ফলাফল ঘোষণাৰ এবছৰ উকলি যোৱাৰ পাছতো বিদেশী ন্যায়ধীকৰণৰ ১৬০০ প্ৰাৰ্থীক নিযুক্তি দিব নোৱাৰিলে।‘ গগৈয়ে কয়।

ইপিনে, গগৈৰ মতে ‘২০১৮ চনৰে পৰা অসম অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নাই একমাত্ৰ পৰীক্ষা ব্যৱস্থাত থাকি যোৱা কেৰোণৰ কাৰণে। ডিৰেক্টৰ, লোকেল ফাণ্ডৰ অধীনত বছৰৰ আৰম্ভণিতে অনুষ্ঠিত কণিষ্ঠ সহায়ক পদৰ বাচনি পৰীক্ষাৰ ফলাফল আজি পৰ্যন্ত প্ৰকাশ কৰিব নোৱাৰিলে।‘

‘চাহ শ্রমিক কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনৰ ৩৫টাকৈ বিষয়া-কৰ্মচাৰীৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰা এবছৰতকৈ অধিক সময়ৰ পাছতো নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাত বিফলতা। কৃষি বিভাগৰ দুই সহস্ৰাধিক গ্ৰাম্য কৃষি সম্প্ৰসাৰণ সহায়কৰ বাচনি পৰীক্ষা আয়োজনত চূড়ান্ত ব্যৰ্থতা।‘ লুৰীণজ্যোতিয়ে এইদৰে কয়।

ইয়াৰোপৰি, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বাচনি পৰীক্ষা সম্পৰ্কত উত্থাপিত অভিযোগৰ তদন্তৰ নামত ভেকোভাওনা কৰা বুলিও অভিযোগ কৰে লুৰীণজ্যোতিয়ে।

ইপিনে, নতুন নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰৰ পুঁজি নাই বাবেই অতি কৌশলেৰে প্ৰশ্নকাকত ফাদিল কৰি উপ-পৰিদৰ্শক পৰীক্ষা বাতিল কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘এটা নিযুক্তি নিকাকৈ দিব নোৱাৰা বিজেপি চৰকাৰখনক গৰিহণা জনালোঁ আৰু উপযুক্ত তদন্ত দাবী কৰিলোঁ।‘