NORTHEAST NOW (Assamese)

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

May 22, 2022 9:21 am · ৰিদীপ শৰ্মা, কলিয়াবৰ
Updated: May 22, 2022 9:28 am

বটদ্ৰৱাৰ কাণ্ডৰ পিছতেই অসম আৰক্ষীয়ে সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ গতিত আগবঢ়াইছে। অসম আৰক্ষীৰ এটা দলে সম্পূৰ্ণ ঘটনাৰ ওপৰত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে।

বৰ্তমান সময়লৈ বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুমুদ গগৈক তাৎক্ষণিকভাৱে নিলম্বিত কৰা হৈছে। বটদ্ৰৱাৰ কাণ্ডৰ প্ৰাথমিক তদন্তৰ পিছতে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিলম্বন কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছিল ভাৰপ্ৰাপ্ত বিষয়াগৰাকী। লগতে বটদ্ৰৱা আৰক্ষী থানাৰ সকলো আৰক্ষী বিষয়া আৰু জোৱানক বদলিৰ নিৰ্দেশ দিয়া হৈছে।

বটদ্ৰৱাৰ কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰিছে। তিনিজন অভিযুক্ত ক্ৰমে মজিবুৰ ৰহমান, আনোৱাৰ হুছেইন আৰু ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে।

প্ৰাৰম্ভিক তথ্যসমূহ সংগ্ৰহ কৰাৰ লগতে অপৰাধীৰ চিনাক্ত প্ৰক্ৰিয়াৰ যাবতীয় সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰি অপৰাধীক কৰায়ত্ত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ঘটনাৰ সকলো দিশ সামৰিলৈ আৰক্ষীয়ে তদন্ত প্ৰক্রিয়া আৰম্ভ কৰিছে বুলিও আৰক্ষী সূত্ৰই জানিবলৈ দিছে।

উল্লেখ্য যে শনিবাৰে বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল এটা হাঁহ আৰু দহ হাজাৰ টকা নিদিয়াৰ বাবে বটদ্ৰৱা আৰক্ষীয়ে এজন মাছমৰীয়াৰ প্ৰাণ লোৱাৰ অভিযোগৰ পিছতে উত্তেজনা বিয়পি পৰে।

মৃত লোকজনৰ নাম ছালনাবড়ীৰ ছফিকুল ইছলাম। লোকজনক থানাৰ ভিতৰতে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

শুকুৰবাৰে নিশা আটক কৰা ছফিকুলক পুৱাৰ ভাগত এৰি দিয়াৰ কথা আছিল। পত্নীয়ে আৰক্ষীয়ে দাবী কৰাৰ পিছত কেৱল হাঁহটোহে দিব পাৰ বুলি জানিব পৰা গৈছে।

উত্তেজিত ৰাইজে থানাত অগ্নিসংযোগ কৰাৰ লগতে ভাঙি লণ্ডভণ্ড কৰ থানাৰ সামগ্ৰীসমূহ ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় কেইবাজনো আৰক্ষী ।

উত্তেজিত লোকসকলে থানাৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে কেইবাখনো বাহনো জ্বলাই দিয়ে

Related News