‘২১ত এইকেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিব সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই

চেপ্তেম্বৰত ঘোষণা কৰিব প্ৰাৰ্থী তালিকা

Assam polls 2021: AASCSU to contest in these constituencies

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই ৰাজ্যৰ ’২১ৰ বিধান সভা নিৰ্বাচনত আঠটা সংৰক্ষিত সমষ্টিত প্ৰাৰ্থিত্ব দিব।

জাতি ছাত্ৰ সন্থাৰ সভাপতি পৰমানন্দ দাস আৰু সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে এই সন্দৰ্ভত এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰিছে।

আগন্তুক নিৰ্বাচনত সন্থাই ৰাতাবাৰী, ঢলাই, দক্ষিণ অভয়াপুৰী, বকো, মংগলদৈ, জাগীৰোড, ৰহা আৰু দেৰগাওঁ এই আঠটা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিৰ পৰা প্ৰাৰ্থী নিক্ষেপ কৰিব বুলি স্পষ্ট কৰি দিছে।

প্ৰেছ বিবৃতিত লগতে উল্লেখ কৰে যে অহা ছেপ্টেম্বৰ মাহৰ শেষৰফালে সন্থাৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকাখনি প্ৰকাশ তথা ৰাজহুৱা কৰা হ’ব।

সন্থাৰ সভাপতি সম্পাদকদ্বয়ে কয় যে অনুসূচিত জাতি ছাত্ৰ সন্থাই ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষভাৱে ভূমিকা ল’বলৈ বৰ্তমান প্ৰায় প্ৰস্তুত হৈছে।

তেওঁলোকৰ মতে–  বিগত সময়খিনিত অনুসূচিত জাতিৰ ৰাইজক এচাম দালাল আৰু সুবিধাবাদী জনপ্ৰতিনিধিয়ে কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে ব্যবহাৰ কৰিলে। অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ আঠটাই অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টি। কিন্তু অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰতিজন জনপ্ৰতিনিধিয়ে আজি পৰ্য্যন্ত অসমৰ অনুসূচিত জাতিৰ লোকসকলৰ অভাৱ অভিযোগ, অথবা অনুসূচিত জাতিটোৰ উন্নয়নৰ স্বাৰ্থত অথবা অনুসূচিত জাতিৰ লোকসকলৰ চাহিদাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰাতো পৰিলক্ষিত নহ’ল। তাৰোপৰি বিধানসভা মজিয়াত সেই দালাল আৰু সুবিধাবাদী জনপ্ৰতিনিধিসকলে জাতিটোৰ হকে এষাৰ মাত মতা বা দাবী উত্থাপন কৰাতো পৰিলক্ষিত নহ’ল। কিন্তু এতিয়া অনুসূচিত জাতিৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন হৈছে।

তেওঁলোকে কয় যে আগন্তুক বিধান সভাৰ নিৰ্বাচনত অনুসূচিত জাতিৰ ৰাইজে সেই দালাল আৰু সুবিধাবাদী নেতাসকলক উচিত প্ৰত্যুত্তৰ দিব।

সন্থাৰ সভাপতি সম্পাদকদ্বয়ে কয় যে অনুসূচিত জাতি ছাত্ৰ সন্থাই অসমৰ সমূহ ৰাজনৈতিক দল তথা দল-সংগঠনক অনুসূচিত জাতিৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থীক সমৰ্থন জনাবলৈ অনুৰোধ জনাইছে।

তেতিয়াহে বিহালী, বোকাখাত, কলিয়াবৰ, গহপুৰ, নাওবৈচা, দিছপুৰ, ৰঙিয়া, বৰপেটা, আমগুৰি, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী, জোনাই, গোলাঘাট, লক্ষীমপুৰ, জালুকবাৰী আদি অনুসূচিত জাতিৰ গৰিষ্ঠ ভোটাৰ থকা সমষ্টিত তেওঁলোকৰ বাবে সহায়ক হ’ব বুলি উল্লেখ কৰে।