প্ৰদেশ কংগ্ৰেছে বিৰোধিতা কৰি ক’লে; ‘EIA ২০২০এ ধ্বংস কৰিব অসমৰ জৈৱ-বৈচিত্ৰ’

WhatsApp Image 2020-08-04 at 7.06.44 PM

পুঁজিপতিক সন্তুষ্ট কৰাৰ স্বাৰ্থত বিজেপিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চলকে ধৰি জৈৱ বৈচিত্ৰ ধ্বংস কৰাৰ ব্লুপ্ৰিন্ট ৰচি EIA ২০২০ জাপি দিযাৰ যি ষড়যন্ত্ৰ কৰিব বিচাৰিছে তাৰ তীব্ৰ বিৰোধিতা অসম প্ৰদেশ কংগ্ৰেছে।

ৰাজীৱ ভৱনত এক সংবাদমেলত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷

বৰাই কয়, ‘EIA ২০২০ আইন সংশোধন কৰিলে পৰিবেশ সংক্ৰান্তীয় বহু কেইখন আইন কাৰ্যক্ষম হৈ পৰিব৷ সেয়ে এই আইনৰ বিৰোধিতা কৰিছো।’

‘এই আইন অনুসৰি যিকোনো এটা উদ্যোগ প্ৰতিষ্ঠা কৰাৰ আগত পৰিবেশ সম্পৰ্কত অনুজ্ঞা ল’ব লাগে৷ কিন্ত EIA ২০২০ সংশোধনৰ যি খচৰা প্ৰস্তুত কৰিছে সেই অনুসৰি বহু উদ্যোগৰ তালিকা এখন প্ৰকাশ কৰি কৈছে সেই সকল উদ্যোগ স্থাপন সন্দৰ্ভত ৰাইজৰ মতামত ল’ব নালাগে সেয়ে বিৰোধিতা কৰিছো।’ বৰাই লগতে কয় ।

EIA ২০২০ সংশোধনৰ যি খচৰাত সীমা অঞ্চলৰ সংজ্ঞা সলনি কৰিছে বুলি উল্লেখ কৰি কয়, ‘প্ৰকৃত আন্তৰ্জাতিক নিয়ন্ত্ৰণ ৰেখাৰ ১০০ কিলোমিটাৰত  যি কোনো উদ্যোগ হ’ব পাৰে৷ অসমত এয়া ভয়াবহ হ’ব৷ অসম ৫ খন বিদেশী ৰাষ্ট্ৰৰ সীমাত আছো।’

এই আইন সংশোধন কৰিলে অভয়াৰণ্যসমূহৰ নিৰাপত্তা নহোৱা হোৱাৰ লগতে ভবিষ্যৎ জৈৱ বিচিত্ৰ ধংস হ’ব বুলি উল্লেখ কৰি বৰাই কয় ‘EAI ২০২০ সংশোধন কৰি ৩০ টা নিয়ম নীতি উঠাই দিছে৷ দেশৰ পৰিবেশৰ লতে অসমত ই ক্ষতি কাৰক৷ কোনো উদ্যোগপতি পুঁজিপতিয়ে যতে ত’তে উদ্যোগ বনাই দিব আৰু তাৰ পিছত অনুজ্ঞা পত্ৰ ল’ব।’

চুপ্ৰিম কোৰ্টৰ ৰায়ক অৱমাননা কৰি এই খচৰা বনাইছে বুলি উল্লেখ কৰি বৰাই কয় এই আইনৰ সংশোধনীয়ে বিভিন্ন শ্ৰেণীৰ মানুহৰ জীৱন ধাৰণত প্ৰভাৱ পেলাব৷ মাছমৰীয়া, আদিবাসী, ট্ৰাইবেল আদি মানুহ ক্ষতি গ্ৰস্ত হ’ব।’

ক্ষতিগ্ৰস্ত হোৱাসকলৰ বাবে কোনো বিকল্প ব্যৱস্থা এই আইনখনত নাই বুলি উল্লেখ কৰি বৰাই কয়, ‘খচৰাৰ মতে দেশৰ প্ৰতিৰক্ষা সম্পৰ্কীয় উদ্যোগ যদি বহুৱাব লগা হয় তেনে হ’লে জনসাধৰণৰ মতামত ল’ব নালাগে৷ যাৰ ফলত জনসাধৰণ ক্ষতিগ্ৰস্ত হব।’

EIA ২০২০ ৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কেন্দ্ৰীয় পৰিবেশ,বন আৰু বতৰ পৰিবৰ্তন মন্ত্ৰনালয়লৈ পত্ৰ প্ৰেৰণ কৰে।