সাহিত্যিক নগেন শইকীয়ালৈ অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা; আৰম্ভ হ’ল গুৱাহাটী গ্ৰন্থমেলা

Nagen Saikia

বিশিষ্ট সাহিত্যিক নগেন শইকীয়ালৈ অসম প্ৰকাশন পৰিষদে জীৱনজোৰা সাধনা বঁটা আগবঢ়াই। শনিবাৰে গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আৰম্ভ হোৱা ৩২সংখ্যক গুৱাহাটী গ্ৰন্থমেলাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাহিত্যিক গৰাকীক উক্ত বঁটা প্ৰদান কৰে।

অৱশ্যে অনুষ্ঠানটোত নগেন শইকীয়া উপস্থিত থাকিব নোৱৰাত তেওঁৰ পুত্ৰ কৌশিক শইকীয়াই মুখ্য মন্ত্ৰীৰ পৰা বঁটাটো গ্ৰহণ কৰে। বঁটাত নগদ ২ লাখ টকা, এখন প্ৰশস্তিপত্ৰ, চেলেং আৰু স্মাৰক আছে।

নগেন শইকীয়াৰ হৈ তেওঁৰ পুত্ৰই মুখ্য মন্ত্ৰীৰ পৰা বঁটা গ্ৰহণ কৰা মুহুৰ্তত

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, ঔপন্যাসিক ৰীতা চৌধুৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানত নয়ন প্ৰসাদে শইকীয়াই লিখি পঠিওৱা ভাষণ পাঠ কৰে। তেওঁৰ লিখিত ভাষণত সাহিত্যিক শইকীয়াই কয়, ‘বঁটা বা স্বীকৃতি লাভ কৰিলে নিশ্চিত আনন্দ নাপাওঁ বুলি কোৱাটো সত্যৰ অপলাপ কৰা হ’ব। এজন লেখকৰ বাবে পঢ়ৱৈৰ পৰা লাভ কৰা স্বীকৃতিয়েই মূল্যৱান বঁটাস্বৰূপ।’

তেওঁ লগতে কয় যে মই সদায় অনুভৱ কৰোঁ যে এজন লেখকক প্ৰশংসাই যিদৰে নিজৰ জোখতকৈ ওখ কৰিব নোৱাৰে, ভৰ্ৎসনায়ো তেনেকৈ তেওঁক চাপৰ কৰিব নোৱাৰে।

প্ৰত্যেকৰে মাতৃভাষা নিজৰ মাতৃৰ দৰেই শ্ৰদ্ধেয় আৰু মৰমৰ বুলি উল্লেখ কৰি শইকীয়াই আৰু কয়, ‘মোৰ মাতৃভাষা অসমীয়াও মোৰ বাবে আটাইতকৈ মৰমৰ ভাষা। এই ভাষাৰ সময়োপযোগী উন্নয়ন আৰু বিকাশ স্বাভাৱিকতেই সকলো ভাষা-ভাষীৰ দৰে ময়ো অন্তৰৰ পৰা বিচাৰোঁ। এই ভাষাৰ স্থান আৰু মান নষ্ট হোৱা যেন দেখিলে বা অনুভৱ কৰিলে গভীৰ বেদনা অনুভৱ কৰোঁ।’

উল্লেখযোগ্য কালি গ্ৰন্থমেলাৰ উদ্বোধনী ভাষণত মুখ্য মন্ত্ৰী সোণোৱালে মানৱীয় প্ৰমূল্যৰ উত্তৰণ আৰু শুভবুদ্ধি উদয় হোৱাত গ্ৰন্থৰ অৰিহণা অসীম বুলি উল্লেখ কৰি পঞ্চায়তে পঞ্চায়তে গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ পোষকতা কৰে।