অসমত প্ৰাথমিক বিদ্যালয়ত ২০২২ত বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থীৰ হাৰ প্ৰায় দুগুণ

Assam Primary school dropout rate ২০২১-২০২২ বৰ্ষত অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত ড্ৰপ আউটৰ হাৰ প্ৰায় দুগুণ হৈছে। ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে কয় যে ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়সমূহত ড্ৰপ আউটৰ হাৰ মুখ্যতঃ কোভিড-১৯ মহামাৰীৰ নেতিবাচক প্ৰভাৱৰ বাবে বৃদ্ধি পাইছে।

তদুপৰি, ভুৱা শিক্ষাৰ্থীৰ চিনাক্তকৰণ তথা ফাদিলে প্ৰাথমিক বিদ্যালয় এৰি যোৱাৰ হাৰ বৃদ্ধিত প্ৰভাৱ পেলাইছিল বুলিও অসমৰ শিক্ষা মন্ত্ৰীয়ে লগতে কয়।

অৱশ্যে, মাধ্যমিক শিক্ষাৰ স্তৰত শিক্ষাৰ্থীৰ বাদ পৰাৰ হাৰ ২০২১-২২ চনত ৩১ শতাংশৰ পৰা ২০.৩ শতাংশলৈ হ্ৰাস পাইছে।

লগতে পঢ়ক: ৰামদেৱৰ পতঞ্জলিৰ ৫টা ঔষধ বন্ধ কৰাৰ নিৰ্দেশ; কাৰণটো কি?

আনহাতে, অসমৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত ড্ৰপ আউটৰ হাৰ ৩.৩ শতাংশৰ পৰা ৬.০২ শতাংশলৈ বৃদ্ধি পাইছে।

উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত ড্ৰপ আউটৰ হাৰও ২০২০-২১বৰ্ষৰ ৪.৬ শতাংশৰ পৰা ২০২১-২২বৰ্ষত ৮.৮ শতাংশলৈ বৃদ্ধি হৈছে।

শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেচন চিষ্টেম ফৰ এডুকেশ্বন (ইউডিআইএছই)ৰ দ্বাৰা প্ৰদান কৰা তথ্য উদ্ধৃত কৰিছিল।

লগতে পঢ়ক: গুজৰাটত বিজেপিয়ে বাদ দিলে ২০১৭ৰ আধা প্ৰাৰ্থীৰ নাম; বাদ পৰিল কেবিনেট মন্ত্ৰী, প্ৰথম মহিলা অধ্যক্ষ

অসমত স্কুল এৰি যোৱা শিশুৰ মুঠ সংখ্যা হৈছে ১,২৯,৫৪৩ জন।

আনহাতে, বেছিভাগ ব্যক্তিগত ব্যৱস্থাপনাৰ অধীনৰ প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়লৈ ৪০০০ ৰো অধিক বিদ্যালয় এপ্ৰিল ২০২১ ৰ পৰা মাৰ্চৰ পৰা ২০২২-ৰ ভিতৰত অসমত বন্ধ হৈছে।