NORTHEAST NOW (Assamese)

ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ ওপৰত ৱেব ছিৰিজ নিৰ্মাণ কৰিব অসমৰ নিৰ্মাতাই

February 19, 2020 3:54 pm · এন ই নাও নিউজ
ফটো: দ্য হিলটাইমছৰ সৌজন্যত

অসমৰ প্ৰডাকশ্যন হাউছ ড্ৰীম হাউছ প্ৰডাকশ্যনে জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু তেওঁৰ ভাতৃ জোৰাৱাৰ সিঙৰ জীৱনৰ আধাৰত এটা ৱেব ছিৰিজ নিৰ্মাণ কৰাৰ বাবে সাজু হৈছে।

জোৰাৱাৰে ৱেব ছিৰিজটোৰ মূল ভূমিকাত অভিনয় কৰাৰ লগতে তেওঁলোকৰ মাতৃ শ্ববনম সিঙো প্ৰকল্পটোৰ সৈতে জড়িত থাকিব।

তদুপৰি, যুৱৰাজ আৰু তেওঁৰ পত্নী হাজেল কীচকো আহিবলগীয়া এই ৱেব ছিৰিজটোত দেখা যাব।

প্ৰডাকশ্যন হাউছটোৰ পৰিচালক নীতা শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে ৱেব ছিৰিজটোত বলীউদৰ বিশিষ্ট অভিনেতায়ো অংশ ল’ব।

ৱেব ছিৰিজটো নিৰ্মাণৰ বাবে নিয়োজিত দলটোত থাকিব বলীউদৰ লিখক বিপিন উপনিয়ালে।

প্ৰডাকশ্যন হাউছটোৱে লগতে গুৱাহাটীৰ টী-ছিৰিজ ষ্টেজৱৰ্ক একাডেমীৰ লগতে গোটেই উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীকে আগন্তুক সকোলোবোৰ প্ৰকল্পত জড়িত হোৱাৰ সুযোগ দিব।

‘’প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু তেওঁৰ ভাতৃ জোৰাৱৰ সিঙক ৱেব ছিৰিজত দাঙি ধৰিবলৈ পাই আমি ধন্য হৈছো। আমাৰ লক্ষ্য হৈছে অসমৰ যুৱ প্ৰতিভালৈ চিনাক্ত কৰি সুযোগ প্ৰদান কৰি এখন মঞ্চ আগবঢ়াই দিয়া,’’-শৰ্মাই লগতে কয়।

যুলৰাজৰ মাতৃ শ্ববনম সিঙে প্ৰকাশ কৰে যে তেওঁ তেওঁৰ পুত্ৰৰ জীৱনৰ বৰ্ণনা দাঙি ধৰিব খোজা ৱেব ছিৰিজটোৰ সৈতে জড়িত হ’বলৈ পাই আনন্দিত।

‘’বিশ্বই প্ৰকৃত যুৱৰাজ সিং আৰু জোৰাৱৰ সিঙক দেখিবলৈ পাব,’’-তেওঁ লগতে কয়।

Related News