১৩ নৱেম্বৰৰ পৰা গুৱাহাটীত অসম প্ৰকাশন পৰিষদৰ প্ৰথম শিশু গ্ৰন্থ উৎসৱ

প্ৰতিনিধিত্বমূলক ছবি

শিশু সাহি্ত্যৰ বিকাশ আৰু বিস্তৃতিৰ লক্ষ্যৰে অহা ১৩’ৰ পৰা ১৫ নৱেম্বৰলৈ গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত তিনিদিনীয়া কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদে পোন প্ৰথম বাৰৰ বাবে শিশু গ্ৰন্থ উৎসৱ আয়োজন কৰিব।

প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰে।

বিজ্ঞপ্তিটোত জনোৱা মতে, প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ পৌৰোহিত্যত ১৩ নৱেম্বৰৰ দিনৰ ১১:৩০ বজাৰ পৰা আৰম্ভ হ’ব লগা উদ্বোধনী অনুষ্ঠানত শিশু গ্ৰন্থ উৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই।

উক্ত অনুষ্ঠানটোতে ড০ কৰবী ডেকা হাজৰিকাৰ ‘মইনাৰ মৌ কবিতা’ আৰু ড০ প্ৰাণজিৎ বৰাৰ ‘আমাৰে মইনা ঐ ঐ টোপনি যাব এ’ নামৰ দুখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব বুলি বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে।

ইয়াৰ উপৰি বাকী দিনকেইতাটো বিভিন্ন অনুষ্ঠানৰ লগতে শিশু সকলৰ মাজত চিত্ৰাংকণ, কবিতা আবৃত্তি, তৰ্ক, আকস্মিক বক্তৃতা তথা কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হ’ব।

আনহাতে অন্তিম দিনা অৰ্থাৎ ১৫ নৱেম্বৰত সন্ধিয়া ৫ বজাত মঞ্জু বৰা পৰিচালিত এনিমেশ্চন চিনেমা ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’ প্ৰদৰ্শন কৰা হ’ব বুলিও আয়োজকসকলে জানিবলৈ দিয়ে।

বিজ্ঞপ্তিটোৰ জৰিয়তে আয়োজকসকলে জনায় যে শিশু উৎসৱৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আগ্ৰহিসকলে অৰ্চনা শইকীয়াক ৮৭২০৯-৪৩১৬৭ নম্বৰত যোগাযোগ কৰিব পাৰে।