অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ধমক খোৱাৰ পিছতো সংখ্যালঘূৰ ওপৰত নিৰ্যাতন বন্ধ কৰা নাই। কৈছে যে পুৰণা ‘Push Back Order’টোৰ সহায়ত বাংলাদেশী বহিষ্কাৰ কৰি যাব তেনে লোকক আইনৰ দ্বাৰস্থ হ’বলৈ নিদিয়াকৈ।
এইটো তেওঁলোকে কৰাটো আইনসংগত হ’ব নে?
মোৰ বোধেৰে নহ’ব। সেই পুৰণা অৰ্ডাৰ টো প্ৰবৰ্তন হৈছিল স্বাধীনতাৰ প্ৰথম কুৰিটা বছৰলৈকে। ভাৰত-পাকিস্তান সীমা সমস্যা অমীমাংসিত হৈ থকা সময় চোৱাত। এশ বছৰ কোনো সীমা নথকাকৈ একেলগে থকা, অবাধ অহা-যোৱা চলি থকা দুটা ভূখণ্ডৰ মাজত সীমা নিৰ্ধাৰণ সহজ কথাও নাছিল। সেয়ে অনুপ্ৰবেশ চলি আছিল। চৰকাৰী তদন্তয়ো তাৰ প্ৰমাণ দিছিল। সেয়ে তেতিয়া তেনে নীতি আৰু কাৰ্যপন্থী আইনসঙ্গত আছিল তেতিয়া।
সেই সময়ত অসমৰ চৰকাৰ আৰু জনগণৰ সংশয় অনুচিত নাছিল, কাৰণ চল্লিছৰ দশক জুৰি অভিবাসী মুছলমান সমাজক জঙ্গী “পাকিস্তান লাগে” আন্দোলনত মতলীয়া হৈ আছিল। আনকি একাংশ ঘাইকৈ চহৰবাসী অসমীয়া মুছলমানো তাত মজি গৈছিল। কাৰণ সেই কালত সি এটা প্ৰবল ৰাজনৈতিক ধাৰা হৈছিল ব্ৰিটিছৰ কুটিল বিভেদকামী চক্ৰান্তৰ ফলত।
স্বাধীনতাৰ পিছত এমুঠি হঠকাৰী আৰু কুমতলবী মুছলমান বাদ দিলে বেছিভাগ মুছলমানৰ চেতনা আহিছিল।বিশেষ আন্তৰিকতাৰে তেওঁলোকে ভাৰতৰ সুনাগৰিক হ’বলৈ আৰু থলুৱা ৰাইজৰ লগত মিলি থাকিবলৈ চেষ্টা কৰি গৈছিল। অসমীয়া ভাষা সাহিত্যৰ বিষয়ত পৰীক্ষাত উঠি অহা চামে বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰিছিল। আনকি অসমীয়া অসমৰ ৰাজ্যভাষা হোৱাত তেওঁলোকৰ অৱদান আছিল গুৰুত্বপূৰ্ণ।
আৰএছএছে কবলিত কৰি অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনক হিংস্ৰ সাম্প্ৰদায়িক ৰূপ দিয়াৰ পাছত খেলিমেলি বৃদ্ধি পালে। তেওঁলোক দিশাহাৰা আৰু বিশ্বাসৰ সঙ্কটত ভুগিছে। অসম চৰকাৰৰ শেহতীয়া নিৰ্দেশে তেওঁলোকৰ শঙ্কা বৃদ্ধি কৰিব। এচাম উতনুৱা ডেকাক বিদ্ৰোহী কৰি তুলিব।
চৰকাৰে কোনখিনি মানুহক কেনে পৰিস্থিতিত Push back কৰিব, তাৰ কোনো সঠিক আৰু সতৰ্ক নিয়ম-নীতি বান্ধি দিয়া নাই। ফলত নিৰ্দেশটোৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনাই বহল। ধুবুৰী বা মানকাচাৰৰ কোনো ব্যৱসায়ী যদি কৰ্মসূত্ৰে উজনিলৈ যায়, লগত পাছপৰ্ট নোলোৱাকৈ, তেওঁকো ধৰি-বান্ধি সীমান্ত পাৰ কৰি দিয়াৰ আশঙ্কাও প্ৰবল।
সুস্থ মনৰ গণতান্ত্ৰিক নাগৰিকে সেয়ে চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচৰা উচিত।