NORTHEAST NOW (Assamese)

আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম, লাজ লাগিব লাগিছিল মুখ্যমন্ত্ৰীয়ে : আপ

July 22, 2025 7:56 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

উন্নয়ন হৈছে উন্নয়ন হৈছে বুলি প্ৰতিটো বিষয়তে ডাংকোপ মাৰি থকা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে লাজ পাব লাগিছিল ৷ এই তীৰ্যক মন্তব্য আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব শইকীয়াৰ ৷

কালি লোকসভাৰ মজিয়াত কেন্দ্ৰেীয় শিক্ষামন্ত্ৰীয়ে আধাতে বিদ্যালয় এৰা ক্ষেত্ৰত অসমৰ স্থান দ্বিতীয়ত বুলি ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ শৈক্ষিক মহলক উদ্বিগ্ন কৰি তুলিছে বুলি মত প্ৰকাশ কৰে আপৰ নেতাজনে ৷

এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ৰাজহুৱা বিবৃতি দিব লাগে বুলি দাবী কৰে আপৰ নেতাজনে ৷ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন কৰি তেওঁ কয় যে, অসমক ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম পাঁচখন ৰাজ্যৰ এখন হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা মুখ্যমন্ত্ৰীৰ সেই সপোনৰ অসমখন ক’ত আৰু  কেতিয়া অসমৰ ৰাইজে দেখিবলৈ পাব ? যোৱা ৯ টা বছৰত ৰাজ্যত সাত হাজাৰখন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়াৰ কাৰ্যই অসমৰ শিক্ষা খণ্ড কেনেদৰে চলিছে তাক প্ৰমাণ কৰে বুলি আম আদমি পাৰ্টীৰ নেতাজনে আঙুলিয়াই দিছে ৷

অসমৰ শিক্ষা ব্যৱস্থা বিজেপি চৰকাৰৰ পৰিকল্পনাৰ দ্বাৰা আশা কৰিব পৰা নাযায় বুলি অভিযোগ কৰি ৰাজীব শইকীয়াই আম আদমি পাৰ্টীৰ দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ পৰা কেনেকৈ বিশ্বমানৰ শিক্ষা ব্যৱস্থা গঢ় দিব পাৰি তাৰ শিক্ষা ল’বলৈ আম আদমি পাৰ্টীয়ে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনায় ৷

Related News