NORTHEAST NOW (Assamese)

অপ্ৰতিৰোধ্য কৰ’না! বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ২৬ গৰাকী কৰ’না আক্ৰান্তৰ মৃত্যু

April 29, 2021 8:46 pm · এন ই নাও নিউজ
Updated: April 29, 2021 8:52 pm

ৰাজ্যত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ দৰে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

বৃহস্পতিবাৰে ৰাজ্যত ২৬ গৰাকী লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে আৰু ৰাজ্যখনত কৰ’নাৰ দ্বিতীয় ঢৌত এটা দিনত এয়া সৰ্বাধিক ঘটনা।

বুধবাৰে ৰাজ্যখনত ২২ গৰাকী কৰোনাক্ৰান্তৰ মৃত্যু হৈছিল।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে টুইটাৰত প্ৰকাশ কৰা অনুসৰি ২৬ গৰাকী কোভিড-১৯ত আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

আনহাতে এই দিনটোত ৰাজ্যখনত ৩,০৭৯ গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে মুঠ ৬৭,২৭৮ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

ৰাজ্যত বৃহস্পতিবাৰে কোভিড পজিটিভৰ হাৰ ৪.৫৮%  বুলিও প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই  দিনটোত অসমত আৰোগ্য হাৰ হৈছে ৯০.%।

বৃহস্পতিবাৰৰ দিনটোত কেৱল কামৰূপ মহানগৰৰ জিলাত ১,০২৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

উল্লেখ্য যে যোৱা মংগলবাৰেও ৰাজ্যখনত ১৮ গৰাকী কৰোনাক্ৰান্তৰ মৃত্যু হৈছিল।

Related News