NORTHEAST NOW (Assamese)

১৭ সংখ্যক মৃত্যু বাৰ্ষিকীত লোকশিল্পী প্ৰতিমা পাণ্ডে বৰুৱাক সশ্ৰদ্ধ স্মৰণ

December 28, 2019 7:38 am · এন ই নাও নিউজ
প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰতিমুৰ্তি

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰে চান্দমাৰিত লোকশিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ ১৭ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়।

অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ লগতে ভালেসংখ্যক লোকে শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

চান্দমাৰিত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি আছু নেতৃবৃন্দই শ্ৰদ্ধা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই বৰ্ষত কোনো ব্যক্তিলৈ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা আগবঢ়োৱা নহ’ল।

প্ৰতিবছৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা লোকশিল্পীক নিৰ্বাচন কৰি প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰদান কৰি আহিছিল।

গোৱালপৰীয়া লোকসংগীতক অসম তথা ভাৰতবৰ্ষৰ সংগীত ক্ষেত্ৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰতিমা পাণ্ডে বৰুৱাই বিশেষ অৱদান আগবঢ়াইছে।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতে বহু গীতত কণ্ঠদান কৰা প্ৰতিমা পাণ্ডে বৰুৱাক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও বিভূষিত কৰে।

Related News