NORTHEAST NOW (Assamese)

ৰাজ্যত কৰ’নাৰ সংহাৰ! ২৪ঘন্টাত ৭৭জনৰ মৃত্যু; নতুনকৈ ৫৮০৩আক্ৰান্ত

May 11, 2021 6:40 am · এন ই নাও নিউজ

অসমত কোভিড-১৯ৰ পৰিস্থিতি ক্ৰমে জটিল হৈ পৰিছে। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত কোভিড-১৯ৰ ফলত ৭৭জন লোকে প্ৰাণ হেৰুৱাইছে।

মৃত্যু হোৱা ৭৭জন লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰেই ৩০ জন।

কোভিড-১৯ত মৃত্যুৰ বাতৰি অহা আন জিলাকেইখন হৈছে: কামৰূপ গ্ৰাম্য-১০, ডিব্ৰুগড়-১০, বঙাইগাঁও-৪, গোলাঘাট, নগাঁও, নলবাৰী, শিৱসাগৰত ৩জনকৈ, হোজাই, তিনিচুকীয়া, ওদালগুৰিত ২জনকৈ আৰু দৰং, ধুবুৰী, যোৰহাট, কৰিমগঞ্জ, শোণিতপুৰত ১জনকৈ।

ইয়াৰ ফলত অসমত কোভিড-১৯ত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ১৭৫৩জনলৈ বৃদ্ধি পালে।

আনহাতে, সোমবাৰে ৰাজ্যখনত নতুনকৈ ৫৮০৩জন কোভিড-১৯ত আক্ৰান্ত হৈছে।

এই নতুন ৫৮০৩জন কোভিড-১৯ত আক্ৰান্ত লোকৰ ভিতৰত গুৱাহাটী মহানগৰী আৰু ইয়াৰ আশে পাশে ১৪৮১জন চিনাক্ত হৈছে।

সোমবাৰে মুঠতে ৭২১৯৭টা নমুনা পৰীক্ষা কৰাৰ পাছত নতুনকৈ এই ৫৮০৩জন কোভিড-১৯পজিটিভ ৰোগী ধৰা পৰিছে।

অসমত বৰ্তমান সক্ৰিয় কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩৭৫০০জন।

সোমবাৰে ৰাজ্যখনত কোভিড-১৯ৰ পজিটিভিটিৰ হাৰ হৈছে ৮.০৪শতাংশ।

ইয়াৰ মাজতে অসমত কোভিড-১৯ৰ আৰোগ্যৰ হাৰ ৮৬.৩৮শতাংশলৈ হ্ৰাস পাইছে।

Related News