NORTHEAST NOW (Assamese)

ভালখবৰ; ২০৫৪২ টেষ্টৰ ভিতৰত মাত্ৰ ১১৪২ গৰাকী ক’ভিড-১৯ পজিটিভ

July 27, 2020 6:47 am · কল্পজ্যোতি শইকীয়া
Updated: July 27, 2020 6:51 am

ৰাজ্যত দেওবাৰৰ দিনটোত ২০৫৪২ টেষ্টৰ ভিতৰত মাত্ৰ ১১৪২ গৰাকী ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছে।

ইয়াৰে গুৱাহাটীৰ ১৭১ গৰাকী, কামৰূপৰ ১৮৮ গৰাকী আৰু দৰঙৰ ১০০ গৰাকী আক্ৰান্ত হৈছে।

ইয়াকে লৈ ৰাজ্যত ৩২২২৮ গৰাকীলৈ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।

টুইটাৰযোগে এই খবৰ জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

স্বাস্থ্য মন্ত্ৰীগৰাকয়ে জনোৱা মতে মুঠ আক্ৰান্তৰ ২৩,০৫৫ গৰাকী সুস্থ হৈ চিকিৎসালয়ৰ পৰা গৃহলৈ উভতাৰ বিপৰীতে ৯০৯১ গৰাকী বৰ্তমানলৈকে চিকিৎসাধীন হৈ আছে।

প্ৰতিদিনে হাজাৰৰো অধিক লোক আক্ৰান্ত হৈ আছে যদিও আশাৰ খবৰ এটাই যে ৰাজ্যখনত চিকিৎসাধীন ৰোগীৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক।

ইফালে ৰাজ্যত ক’ভিড আক্ৰান্ত হৈ বৰ্তমানলৈকে ৭৯ গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে।

Related News