NORTHEAST NOW (Assamese)

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মৃত্যু কিমানৰ? পজিটিভিটিৰ হাৰে দিছে সকাহ!

July 27, 2021 8:19 pm · এন ই নাও নিউজ

ৰাজ্যত ক’ভিড পজিটিভিটিৰ হাৰ কালিৰ দৰে আজিও ১ শতাংশৰ তলতে আছে।

আজিৰ দিনটোত ৰাজ্যত কোভিড পৰিস্থিতিৰ আৰু উন্নতি ঘটা পৰিলক্ষিত হৈছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৪৩৬ গৰাকী লোক। সোমবাৰে ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল ১৫২৮ গৰাকী লোক।

আজি ৰাজ্যখনত মুঠতে ১,৫৫,৪৯৫টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ১৮গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৬৯ গৰাকী লোক ।

ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ০.৯২ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৬.৪০ শতাংশ।

ৰাজ্যখনৰ সামগ্ৰিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি পুনৰ এসপ্তাহৰ বাবে জাৰি কৰা হৈছে নতুন এছঅ’পি।

নতুন এছঅ’পি মতে গোলাঘাট আৰু লখিমপুৰত ২৪ ঘণ্টাই বাহাল থাকিব সম্পূৰ্ণ কাৰ্ফিউ।

যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথত শিথিল কৰা হৈছে কাৰ্ফিউ।

যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ ২ বজাৰ পৰা হ’ব কাৰ্ফিউ।

ইয়াৰোপৰি, পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত।

কাইলৈ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’ব নতুন এছঅ’পিৰ নীতি-নিৰ্দেশনা।

গুৱাহাটী মহানগৰকে আদি কৰি ২৫ খন জিলাত পূৰ্বৰ এছঅ’পিৰ নীতি-নিয়ম বাহাল থাকিব।

Related News