NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; কিমানৰ মৃত্যু?

November 27, 2021 6:43 am · এন ই নাও নিউজ, গুৱাহাটী

Covid Update ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে আৰু সুস্থতাৰ হাৰ বৃদ্ধি হোৱালৈ চাই অসমত কোভিড নিয়ন্ত্ৰণাধীন বুলিয়েই ক’ব পাৰি।

শুকুৰবাৰৰ দিনটোত ৰাজ্যত কোভিড আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই। বৃহস্পতিবাৰে ৰাজ্যখনত কোভিডত ৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

ৰাজ্যত শেহতীয়া ২৪ ঘণ্টাত কোভিড-১৯ত আক্ৰান্ত হৈছে ১৭৫ গৰাকী লোক।

এই সময়ছোৱাত ৩২,৩৪৪টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৯২গৰাকী লোক।

ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৫৪ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৫ শতাংশ।

ৰাজ্য চৰকাৰে ইতিমধ্যে সকলো চৰকাৰী-বেচৰকাৰী স্কুল-কলেজ, কাৰ্যালয় সম্পূৰ্ণ খোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে আৰু সেইদৰে এতিয়া সকলোতে স্বাভাৱিক কামকাজ আৰম্ভ হৈছে।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতেই অসমত পুনৰ লকডাউনৰ সম্ভাৱনা নুই কৰিছে

Related News