ৰাজ্যত আজি কোভিড আক্ৰান্ত লোকৰ সংখ্যা কিমান; মৃত্যু কিমানৰ?

child-covid-test-750x375

প্ৰতিনিধিত্বমূলক ফটো।

উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়তে ৰাজ্যখনত কোভিডৰ সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ লগতে কোভিড আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যাও হ্ৰাস পোৱাটো যথেষ্ট সকাহৰ কাৰণ বুলি ক’ব পাৰি।

আজিৰ দিনটোতো অসমত কোভিডত আক্ৰান্তৰ হাৰ ১ শতাংশৰ তলতে আছে।

সেইদৰে হ্ৰাস পাইছে কোভিড আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যাও।

আজি ৰাজ্যত সৰ্বমুঠ ৪৭,৬১১ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ৩৭৬গৰাকী ব্যক্তিৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰিছে।

আনহাতে, আজি কোভিড সংক্ৰমণৰ হাৰ হৈছে ০.৭৯ শতাংশ।

কামৰূপ মেট্ৰ’ত আজি কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১০৮ জন।

আজি ৰাজ্যত ৫ জন ব্যক্তিৰ কোভিড সংক্ৰমণৰ ফলত মৃত্যু হয়।

ৰাজ্যত কোভিডত সুস্থ হোৱা ৰোগীৰ হাৰ হৈছে ৯৮.২৯ শতাংশ।

অসমত বৰ্তমান কোভিড বিধি বহুখিনি শিথিল কৰা হৈছে। পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠানসমূহো খুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইতিমধ্যে, ৰাজ্যত চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহ খুলি দিয়া হৈছে।

অৱশ্যে তাৰ পিছতো জনসাধাৰণক কোভিড সংক্ৰান্তীয় বাধ্য-বাধকতা মানি চলিবলৈ আহ্বান জনাইছে ৰাজ্য প্ৰশাসনে।