NORTHEAST NOW (Assamese)

Covid Update: ৰাজ্যত কমিছে কৰ’নাৰ সংক্ৰমণ! নতুনকৈ কিমান আক্ৰান্ত হ’ল ক’ভিডত; মৃত্যু কিমানৰ?

February 8, 2022 7:06 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 8, 2022 4:13 pm

ৰাজ্যত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে পজিটিভিটিৰ হাৰ দুই শতাংশৰ তললৈ নামিছে আৰু সুস্থতাৰ হাৰো বৃদ্ধি পাইছে।

সোমবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৫৫৭ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

ইপিনে, বিগত ২৪ ঘন্টাত কেৱল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১১৬গৰাকী লোক।

সোমবাৰে ৰাজ্যখনত মুঠ ৩৫,৫২ গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হয়।

এই সময়ছোৱাত ৰাজ্যখনত পজিটিভিটিৰ হাৰ হৈছে .৫৫ শতাংশ।

সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৭.৯২ শতাংশ।

ইপিনে, বিগত ২৪ ঘন্টাত ৰাজ্যখনত ক’ভিডত জন লোকৰ মৃত্যু ঘটিছে।

ইপিনে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জানিবলৈ দিছে যে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত কোনো ক’ভিড এছঅ’পি নাথাকে। 

Also read :পোহৰলৈ আহিল পিএম-কেয়াৰ্ছৰ ‘অডিট ৰিপ’ৰ্ট’; এবছৰত সংগ্ৰহ ১১হাজাৰ কোটি, ক’ত কৰিলে খৰচ? 

Related News