NORTHEAST NOW (Assamese)

Covid Update ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি কোভিডৰ দৈনিক সংক্ৰমণ,পজিটিভিটিৰ হাৰ; আজি কিমান আক্ৰান্ত?

January 6, 2022 8:05 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটো: নৰ্থইষ্ট নাও।

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড-১৯ৰ দৈনিক সংক্ৰমণ। সেইদৰে , মাত্ৰ তিনিদিন পূৰ্বে ১শতাংশৰ তলত থকা পজিটিভিটিৰ হাৰো হঠাতে ২শতাংশ অতিক্ৰম কৰিলে।

ৰাজ্যখনত বিগত ২৪ ঘন্টাত মুঠ ৮৪৪গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। বুধবাৰে ৰাজ্যখনত আক্ৰান্ত হৈছিল ৫৯১গৰাকী লোক।

ইপিনে, যোৱা ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ৩৬৯গৰাকী লোক। বুধবাৰে এই সংখ্যা আছিল ২৭৯গৰাকী লোক।

বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ৩৫, ৫৬২গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

আনহাতে, আজিৰ দিনটোত ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত হৈ ২জন লোকৰ মৃত্যু হৈছে। বুধবাৰে ৰাজ্যত কোভিডত ৪জন লোকৰ মৃত্যু হৈছিল।

ৰাজ্যত বৰ্তমান কোভিড পজিটিভিটিৰ হাৰ হৈছে ২.৩৭শতাংশ। সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৮.৩৬ শতাংশ।

উল্লেখ্য যে বুধবাৰে ৰাজ্যৰ দুজনকৈ লোক অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে

বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত কোভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকৰ পাছতে ৰাজ্যখনত নতুন নীতি-নিৰ্দেশনা জাৰিৰ সম্ভাৱনা আছে।  

Related News