Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; কিমানৰ মৃত্যু?

WhatsApp Image 2021-11-05 at 9.11.41 AM

Covid Update উৎসৱৰ বতৰ  চলি থকাৰ মাজতে ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে। তালৈ চাই অসমত কোভিড নিয়ন্ত্ৰণাধীন বুলিয়েই ক’ব পাৰি।

দেওবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত এগৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ৰাজ্যত ২৪ ঘণ্টাত কোভিড-১৯ত আক্ৰান্ত হৈছে ৯১ গৰাকী লোক।

এই সময়ছোৱাত ১৪,৭৫৯ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৫২গৰাকী লোক। তদুপৰি, গোৱালপাৰাত ১০গৰাকী, কামৰূপ গ্ৰাম্যত ৪গৰাকী আৰু বৰপেটাত ৩গৰাকী লোক আক্ৰান্ত হৈছে।

ৰাজ্যত দেওবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ২২০গৰাকী লোক।

বৰ্তমান ৰাজ্যত কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৬২৬গৰাকী ৰোগী।

ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৬ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৫ শতাংশ।