ৰাষ্ট্ৰিয় বক্সিং চেম্পিয়নশ্বিপত মহিলা অসম ৰাইফলছ দলৰ খিতাপ

DpnsnBhVAAIusLo-1-750x375

উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ১৮ সংখ্যক ছিনিয়ৰ নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা অসম ৰাইফলছৰ মহিলা বক্সিং দল ‘ছেন্তিনেলছ অব নৰ্থ-ইষ্ট’ এ ৪টাকৈ সোণৰ আৰু ১টা ৰূপৰ পদক অৰ্জন কৰি বাহিনীটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে যোৱা ১০ অক্তোবৰৰ পৰা হৰিদ্বাৰত ১৮ সংখ্যক ছিনিয়ৰ নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপ ২০১৮-১৯ আৰম্ভ হৈছিল। ১৪ অক্তোবৰত উক্ত প্ৰতিযোগিতাৰ সামৰণি পৰে।

উত্তৰাখণ্ড এমেচাৰ বক্সিং এছ’চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত উক্ত চেম্পিয়নশ্বিপত মুঠ ২৭ টা দলে অংশগ্ৰহণ কৰিছিল।

আনহাতে শ্বিলঙত অনুষ্ঠিত ২৭ সংখ্যক ছিনিয়ৰ নেশ্যনেল (পুৰুষ/মহিলা) উশ্বু চেম্পিয়নস্বিপত অসম ৰাইফলছৰ উশ্বু দলে ৩টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ মেডেল অৰ্জন কৰি মুঠ ৩৮টা দলৰ ভিতৰত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে।