চৰকাৰে বন্ধ কৰা বিদ্যালয় চলাব অসম সাহিত্য সভাই

অসম সাহিত্য সভাৰ প্ৰতিনিধি সকল

ছা্ত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে চৰকাৰে বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱা মাতৃভাষাৰ বিদ্যালয় সমূহত পাঠদান কৰাৰ বাবে সিদ্ধান্ত লৈছে অসম সাহিত্য সভাই। এই সিদ্ধান্ত মৰ্মে প্ৰতিখন জিলাতে নতুন বিদ্যালয় গঢ়ি তোলা হ’ব। মাতৃভাষা ব্যাৱহাৰৰ মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশীয়ে ২১ ফেব্ৰুৱাৰিৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ পৰা আৰম্ভ কৰা ব্যপক জনজাগৰণ কাৰ্য্যসূচীৰ অংশ হিচাপে সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে।

আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত ইতিপূৰ্বে অনুমোদন জনোৱা ৰাজ্যৰ ভাষা-সাহিত্যৰ সংৰক্ষণ-সংবৰ্ধনৰ বাবে গ্ৰহণ কৰা ঐতিহাসিক প্ৰস্তাৱসমূহ কাৰ্য্যকৰীকৰণৰ বাবে আলোচনা কৰে।

আনহাতে, সভাত অসমত অসমীয়া তথা খিলঞ্জীয়া ভাষাসমূহৰ বিকাশৰ বাবে প্ৰস্তাৱিত ‘আদৰ্শ জাতীয় বিদ্যালয় সংসদ’ৰ আৰ্হিত প্ৰত্যেকখন জিলা-মহকুমাৰ প্ৰান্তীয় অঞ্চলত প্ৰয়োজন অনুসাৰে বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ প্ৰসংগতো চৰ্চা কৰা হয়। সাহিত্য সভাৰ স্বীকৃতপ্ৰাপ্ত জিলা সভা আৰু শাখা সভাৰ দ্বাৰা এই বিদ্যালয় সমূহক প্ৰভৱান্বিত কৰি স্থানীয় ৰাইজ আৰু ইচ্ছুক প্ৰতিষ্ঠানৰ সহযোগত আগন্তুক শিক্ষাবৰ্ষৰ পৰা পাঠদান আৰম্ভ কৰিব।

উল্লেখযোগ্য যে, ৰাজ্য আৰু দেশৰ বহু সংখ্যক চৰকাৰী বিদ্যালয়ক ব্যাক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক কঠোৰ সমালোচনা কৰে অসম সাহিত্য সভাই। আজি অনুষ্ঠিত হোৱাত শিক্ষাবিদ প্ৰভাত চন্দ্ৰ দাস, থানেশ্বৰ মালাকাৰ, প্ৰধান সম্পাদক পদুম ৰাজখোৱা সমন্নিতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।