সমবায় সমিতিৰ বিৰুদ্ধে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালক প্লাষ্টিক চাউল বিতৰণৰ অভিযোগ

কোকৰাঝাৰ জিলাৰ অফলাগাঁৱত ৰেচন বিতৰণৰ নামত প্লাষ্টিক চাউল দিয়াৰ অভিযোগ উত্থাপন হৈছে।
অফলাগাঁৱৰ গাঁওবাসীয়ে অভিযোগ কৰিছে যে,সাৰ্বজনিক বিতৰণ প্ৰণালীৰ অধীনত তেওঁলোকক যি ৰেচন প্ৰদান কৰা হয়,তাত প্লাষ্টিকৰ চাউল মিহলাই দিয়া হৈছে।

অফলাগাঁৱ গ্ৰাম পৰিষদ বিকাশ সমিতিয়ে উত্থাপন কৰা অভিযোগ অনুসৰি ৰামফলবিল সমবায় সমিতিয়ে গাঁৱৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালক প্লাষ্টিক চাউল বিতৰণ কৰিছে।

দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ বাবে উপলদ্ধ প্ৰতি মাহৰ ৰেচনৰ চাউলত নিয়মীয়া প্ৰকৃত চাউলৰ সৈতে প্লাষ্টিক চাউল মিহলাই দিয়া হৈছে বুলি গাঁওবাসীয়ে অভিযোগ কৰিছে। সেয়ে গাঁওবাসীয়ে এনে চাউল বিতৰণ বন্ধ কৰি ৰাখিছে বুলি জানিব পৰা গৈছে।

ৰামফলবিল সমবায় সমিতিয়ে অফলাগাঁও,বেলগুৰি,পদ্মবিল আৰু দক্ষিণ অফলাগাঁও অঞ্চলৰ বি পি এল পৰিয়াল সমূহত ৰেচন বিতৰণ কৰে আৰু এই অঞ্চলৰ পৰিয়ালসমূহে ইতিমধ্যে সমবায় খনক সকীয়াই দি কয় যে,এনে প্লাষ্টিক চাউলে তেওঁলোকৰ শৰীৰত যথেষ্ট ক্ষতি সাধন কৰিব।

অৱশ্যে তেওঁলোকে উল্লেখ কৰে যে,এই বাৰৰ দৰে চাউল তেওঁলোকে পূৰ্বে কেতিয়াও লাভ কৰা নাই।

উল্লেখ্য যে, জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে সমিতিক চাউল যোগান ধৰে আৰু সমিতিয়ে গাঁওবাসীৰ মাজত এই ৰেচন বিতৰণ কৰে।

গাঁওবাসীয়ে জনোৱা মতে,প্লাষ্টিক চাউলৰ আকাৰ সাধাৰণ চাউলতকৈ কিছু ডাঙৰ হয়। যেতিয়া এই চাউল ৰন্ধা হয় চাউলবোৰ গলি যায় আৰু দুৰ্গন্ধ ওলাই বুলি তেওঁলোকে জানিবলৈ দিছে।

এনে ৰেচন বিতৰণৰ বিৰুদ্ধে গাঁওবাসীয়ে সঠিক তদন্তৰ দাবী কৰিছে।