কাগজকলৰ কৰ্মচাৰীৰ মৃত্যুৰ বাবে জগৰীয়া প্ৰধান মন্ত্ৰী মোদী : অসম সংগ্ৰামী মঞ্চ

‘মৃত’ কাগজকলৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী কৰি পত্ৰ প্ৰেৰণ মঞ্চৰ

যোৱা ২৯ এপ্ৰিলত জাগীৰোডস্থিত নগাওঁ কাগজ কলৰ বিশ্বজিৎ মজুমদাৰ নামৰ লোকজনে মৃত্যুক সাবটি লোৱাক কেন্দ্ৰ কৰি চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে এই মৃত্যুৰ বাবে প্ৰধান মন্ত্ৰীকে জগৰীয়া কৰে অসম সংগ্ৰামী মঞ্চৰ  সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই।

‘কাগজকলৰ কৰ্মচাৰীৰ মৃত্যুৰ বাবে জগৰীয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নগাওঁ আৰু কাছাৰ কাগজকল পুনৰ কাৰ্য্যক্ষম কৰি তোলা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এই সন্দৰ্ভত মোদী চৰকাৰে কোনো বাস্তৱসন্মত পদক্ষেপ লোৱা দেখা পোৱা নগ’ল।‘ সংবাদমেলত বেজবৰুৱাই কয়।

বেজবৰুৱাৰ প্ৰশ্ন ‘এয়া কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ প্ৰতিশ্ৰুতিহে আছিল নেকি?’

আনহাতে, ৰাজ্য চৰকাৰৰ চন্দ্ৰমোহন পাটোৱাৰীৰ সদনৰ মজিয়াত দিয়া প্ৰতিশ্ৰুতিৰ কথা উনুকিয়াই দি বেজবৰুৱাই কয় ‘মন্ত্ৰী পাটোৱাৰীয়ে বিধান সভাৰ অধিবেশন চলি থকাৰ সময়তে তেওঁলোকৰ চৰকাৰে মিলটোৰ কৰ্মচাৰীৰ দুখ অনুভৱ কৰে আৰু মিলৰ কৰ্মচাৰীক কিছুদিন ধৈয্য ধৰিবৰ বাবে আহ্বান জনায়। এই আহ্বানৰ ম্যাদ কেতিয়া শেষ হ’ব?’

আনহাতে, বাঁহ উদ্যোগৰ জৰিয়তে অধিক প্ৰসাৰতা লাভ কৰা বুলি সদৰী কৰাৰ পাছতো কাগজ কল দুটাৰ বাবে বাঁহৰ অভাৱ কেনেকৈ হ’ল বুলিও প্ৰশ্ন কৰে বেজবৰুৱাই।

‘নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহত আধাৰশিলা স্থাপন কৰা Assam Bio Refienery য’ত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰাৰ কথা আছিল, নাগালেণ্ড চৰকাৰৰ অধীনস্থ Limited Nagaland Bamboo Development Agency অৰুণাচল চৰকাৰৰ অধীনস্থ Bamboo Resources Development Agency ৰ লগত বৃহৎ পৰিমাণৰ বাঁহ যোগানৰ বাবে চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল। ঠিক সেই সময়তে এই কাগজ কল দুটাৰ বাবে বাঁহৰ অভাৱ কিয় ঘটিছে?’ প্ৰশ্ন উত্থাপন কৰে বেজবৰুৱাই।

ইফালে বুধবাৰে মঞ্চৰ ফালৰ পৰা এই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

ইয়াৰোপৰি, ৰাজ্য মুখ্য মন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰী দুয়োগৰাকীকে তেওঁলোকৰ নৈতিক দায়িত্ব পালন কৰি মিল কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হ’বৰ বাবে তেওঁ আহ্বান জনোৱাৰ উপৰিও আৰ্থিক সাহায্য প্ৰদানৰ বাবেও দাবী জনায়।