NORTHEAST NOW (Assamese)

ডিমা হাচাওত বিধ্বংসী অগ্নিকাণ্ডত বিদ্যালয় ভস্মীভূত

April 14, 2019 7:09 pm · পংকজকুমাৰ দেব

ৰাজ্যত ৰঙালী বিহুৰ আনন্দৰ মাজতে আজি ডিমা হাচাও জিলাৰ মাইবাঙ মহকুমাৰ অন্তৰ্গত লাংটিঙত থকা লাংটিং কে এছ থাউচেন সৰস্বতী বিদ্যামন্দিৰ নামৰ বিদ্যালয়খনত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৭ মান সূত্ৰপাত হোৱা উক্ত অগ্নিকাণ্ডৰ জুইত বিদ্যালয়খনৰ আচবাব পত্ৰৰ লগতে বহু মূল্যবান নথিপত্ৰ জাহ যায়।

অৱশ্যে অগ্নিকাণ্ডৰ খবৰ পাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নুমোৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বাতৰি লিখা পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও স্থানীয় একাংশ লোকে কোনো দুষ্ট লোকে জুই লগোৱা বুলি সন্দেহ কৰিছে। উল্লেখযোগ্য যে বিদ্যালয়খন লাঙটিং আৰক্ষীৰ থানাৰ সমীপতে অৱস্থিত।

উক্ত অগ্নিকাণ্ডৰ খবৰ পাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেবলাল গাৰ্লচা আৰু স্থানীয় পৰিষদ প্ৰতিনিধি তথা ই এম গলঞ্জ থাউচেন বিদ্যালয় চৌহদত উপস্থিত হৈ ঘটনাৰ বুজ লয়। চি ই এম গাৰ্লচায়ে বিদ্যালয় কৰ্তৃপক্ষক বিদ্যালয়খনৰ মেৰামতিৰ বাবে পৰিষদৰ ফালৰ পৰা সকলো ধৰনৰ সহযোগিতা আগবঢ়োৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

Related News