• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জজ খেলপথাৰৰ মুকলি বিহুৰ বাকৰিৰ পৰাই খিলঞ্জীয়ালৈ সাহস নেহেৰুৱাৰ আহ্বান সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , April 14, 2019 6:38 pm

2 min read

704
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ মাৰফতত অসমৰ জাতীয় অস্তিত্ব সংকটাপন্ন হোৱাৰ শংকাত আন্দোলন-প্ৰতিবাদেৰে উত্তপ্ত হৈ পৰা বছৰটোৰ আজি শেষৰটো দিন। এই অন্তিম দিনটোতে খিলঞ্জীয়াক সাহসেৰে আগ বাঢ়ি যোৱাৰ আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্য্যই।

ৰঙালী বিহুৰ আৰম্ভণিৰ দিনাই গুৱাহাটীৰ ঐতিহাসিক জজ খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত মুকলি বিহুৰ বাকৰিৰ পৰাই নৱবৰ্ষত এখন ‘আশাৰ অসম’ৰ কামনাৰে ৰাইজলৈ এই আহ্বান জনাইছে ভট্টাচাৰ্য্যই।

“খিলঞ্জীয়া মানুহৰ মন ভাঙি দিবলৈ এটা চক্ৰই পৰিকল্পিতভাৱে কাম কৰি আছে। কিন্তু বহাগেৰে আৰম্ভ কৰা বছৰটোত আমি আত্মবিশ্বাসেৰে আগ বাঢ়িব লাগিব, যাতে কোনো কাৰণতে আমাৰ মন ভাগি নাযায়”, আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়।

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ৪০ লাখ মানুহৰ মাজত মাত্ৰ ১২ লাখ থলুৱা ত্ৰিপুৰীৰ মন ভাগি গৈছিল বুলি কৈ এতিয়া সেইসকল ত্ৰিপুৰীয়ে পুনৰ জাগি উঠিছে বুলি তেওঁ মন্তব্য কৰে।

বিগত বছৰবোৰৰ দৰে ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই মুকলি বিহুত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। বিহু নাচ আৰু বিভিন্ন লোক-কৃষ্টিয়ে উপস্থিত সকলোকে বিমুগ্ধ কৰে। বিহুগীতৰ সুৰ আৰু ঢোলৰ ছেওত ৰ’ব নোৱাৰি বিহুতলীলৈ আগুৱাই গৈ কঁকাল ঘূৰাই নাচিলে লণ্ডনৰ পৰা অহা এগৰাকী পৰ্য্যটকেও।

মুকলি বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কোকিলকন্ঠী গায়িকা দীপালী বৰঠাকুৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মা, জুবলি আৰু বৰ্ণালী কলিতাই।

জজ খেলপথাৰৰ এই অনুষ্ঠানতেই ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ পৰিয়াল, পদ্মশ্ৰী ইলিয়াচ আলী, উদ্ধৱ ভৰালী, চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসকে প্ৰমুখ্য কৰি বিগত বৰ্ষত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰা অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ আছুৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়।

Recent News

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd