NORTHEAST NOW (Assamese)

গুৱাহাটীৰ পাৰ্ল্লাৰত দেহ ব্যৱসায় , আৰক্ষীৰ অভিযানত উদ্ধাৰ কেইবাগৰাকীও মহিলা

February 11, 2024 5:27 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী মহানগৰীৰ উলুবাৰী অঞ্চলৰ মাচাজ পাৰ্লাৰত চলিছে নাৰী দেহ ব্যৱসায়। 

শনিবাৰে সন্ধিয়া গুৱাহাটীৰ উলুবাৰীস্থিত ছি ছল্ট স্পা এণ্ড ইউনিচেক্স পাৰ্লাৰত আৰক্ষীৰ এটা দলে হঠাতে অভিযান চলাই তিনিজন লোকক আটক কৰে।

আৰক্ষীয়ে জনোৱা মতে, অভিযানৰ সময়ত দলটোৱে তিনিগৰাকী মহিলাক উদ্ধাৰ কৰে।

ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰা আৰু অনৈতিক সৰবৰাহৰ প্ৰতিৰোধ আইনৰ ধাৰাসমূহৰ অধীনত পল্টন বজাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, দেহ ব্যৱসায়ত জড়িত কিছুমান মহিলা অন্য ৰাজ্যৰ পৰা অহা। 

পাৰ্লাৰখনৰ স্বত্বাধিকাৰী নিৰ্মল দত্তক অধিক সোধা-পোছাৰ বাবে আৰক্ষীয়ে তলব কৰিছে।

Related News