বিদ্যালয়ত অনুপস্থিত থকাৰ বাবে ধুবুৰীৰ ৪৬ গৰাকী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী

Notice-served-570x320

ধুবুৰীৰ ৪৬ গৰাকী শিক্ষকলৈ জাৰি কৰা কাৰণ দৰ্শোৱাৰ জাননীখন। ফটো : নৰ্থইষ্ট নাও

ধুবুৰী জিলাৰ মুঠ ৪৬ গৰাকী বিদ্যালয় শিক্ষকক ৭২ তম স্বাধীনতা দিৱসৰ দিনা অকৰ্তৃত্বশীলভাৱে বিদ্যালয়ত অনুপস্থিত থকাৰ অভিযোগত শিক্ষা বিভাগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

ধুবুৰী জিলাৰ চাপৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই (বিইইঅ’) ১৬/ ৮/ ২০১৮ ইং তাৰিখে চি এছ বি/ ই ডি এন/ ৩-৪ /২০১৬-২০১৭ নম্বৰ পত্ৰখনত কৈছে যে    সংশ্লিষ্ট চি আৰ চি চিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি যোৱা ১৫ আগষ্ট ২০১৮ৰ দিনা ৭২ তম স্বাধীনতা দিৱস উদযাপনৰ সময়ত বিভিন্ন বিদ্যালয়ৰ ৪৬ গৰাকী শিক্ষক অনুপস্থিত থকাটো পোৱা গৈছে।

সেই অনুসৰি বিভাগে সংশ্লিষ্ট শিক্ষককেইগৰাকীৰ পৰা কৰ্তৱ্যত অৱহেলা কৰাৰ বাবে কিয় বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব তাৰ উত্তৰ বিচাৰিছে।

চাপৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে লগতে সংশ্লিষ্ট শিক্ষক কেইগৰাকীক ১৮ আগষ্টৰ ভিতৰত চাপৰৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে শিক্ষা বিভাগৰ কৰ্তৃপক্ষক তেওঁলোকৰ লিখিত বক্তৱ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

শিক্ষকসকলক চাপৰ চক্ৰৰ প্ৰশাসনৰ আগত তেওঁলোকৰ উত্তৰ দিয়াৰ বাবে দুদিনৰ সময় দিয়া হ’ব। যদিহে এই জাননীৰ উত্তৰ সন্তোষজনক নহয় তেনেহ’লে তেওঁলোকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব। চাপৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া জে আলমে এই কথা জানিবলৈ দিয়ে।