‘ডি’ ভোটাৰৰ সন্তানকো এন আৰ চিত অন্তৰ্ভুক্তিৰ দাবী ৰাজ্যিক বিজেপিৰ : ১৩বিধ নথিক বৈধ বুলি ধৰিবলৈ স্মাৰকপত্ৰ

NRC

এন আৰ চিৰ খচৰাৰ পৰা ৪০ লাখ লোকক নিৰ্বিচাৰে বিদেশী বুলি অভিহিত কৰা বিজেপিৰ নেতাৰ অভাৱ নাছিল বিজেপি দলত। কিন্তু এতিয়া ওলোটা খৰ মাৰি ৰাজ্যিক বিজেপিয়ে লাখ লাখ ভাৰতীয়ৰ নাম খচৰাৰ পৰা বাদ পৰা বুলি অভিযোগ কৰিছে। আৰু ইয়াৰ বাবে এন আৰ চি কৰ্তৃপক্ষৰ ভুলক জগৰীয়া কৰিছে।

৪ ছেপ্তেম্বৰত এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰিলে অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে।

সংবাদমেলত গোহাঁয়ে কয় যে ১৯৭১ চনৰ পূৰ্বৰ বৈধ প্ৰমাণ-পত্ৰ থকা সত্ত্বেও এই নথিসমূহ গ্ৰহণ নকৰাৰ ফলত লাখ লাখ ভাৰতীয় নাগৰিক আৰু অসমৰ খিলঞ্জীয়া লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱা নাই।

তদুপৰি, অভিভাৱক তথা আত্মীয়ৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হৈছে যদিও ‘লিংকেজ’ৰ উপযুক্ত প্ৰমাণ-পত্ৰৰ অভাৱত তেওঁলোকৰ সতি-সন্ততি, বহু মহিলা আৰু শিশুৰ নাম তালিকাৰ পৰা বাদ পৰিছে বুলিও তেওঁ দাবী কৰে।

আনহাতে গোহাঁয়ে কয় যে অভিভাৱক ‘ডি’ ভোটাৰ হোৱা বাবে তেওঁলোকৰ সতি-সন্ততিৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ দিয়া হৈছে। তেওঁৰ মতে, পিতৃ-মাতৃ ‘ডি’ ভোটাৰ হ’লেও ১৯৮৬ চনৰ নাগৰিকত্ব সংশোধনী আইন অনুসৰি ১৯৮৭ চনৰ পহিলা জুলাইৰ পূৰ্বে জন্ম হোৱা তেওঁলোকৰ সন্তানে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। যিহেতু পূৰ্বতে প্ৰায়বোৰ লোকৰে জন্মৰ প্ৰমাণ-পত্ৰ নাছিল, গতিকে ১৯৫০ চনৰপৰা ১৯৮৭ চন পৰ্যন্ত বিদ্যালয়ৰ প্ৰমাণ-পত্ৰত উল্লেখ কৰা জন্মৰ তাৰিখ গ্ৰহণ কৰিবলৈ বিজেপিয়ে দাবী জনাইছে।

সংবাদমেলত জনোৱামতে, এন আৰ চিৰ উন্নীতকৰণত ১৩বিধ নথি গ্ৰহণ কৰিবলৈ ৰাজ্যিক বিজেপিয়ে আহ্বান জনাই ৪ ছেপ্তেম্বৰত এন আৰ চি অসমৰ সমন্বয়ক প্ৰতীক হাজেলাক স্মাৰক পত্ৰ প্ৰদান কৰে। এই নথিসমূহ হ’ল— অনুপ্ৰৱেশকাৰী প্ৰমাণ-পত্ৰ, নাগৰিকত্ব প্ৰমাণ-পত্ৰ, সকলো প্ৰকাৰৰ ভগনীয়া কাৰ্ড, শিবিৰৰ আশ্ৰয় গ্ৰহণকাৰী পত্ৰ, ভগনীয়া যোগ্যতা প্ৰমাণ-পত্ৰ, ১৯৭১ চন পৰ্যন্ত ঘূৰিব পৰা অনুমতি-পত্ৰ, ১৯৭১ চন পৰ্যন্ত খুঁটি অনুমতি-পত্ৰ, ১৯৭১ চন পৰ্যন্ত তৌজি ৰাজহ আদায়ৰ নথি, ১৯৭১ চন পৰ্যন্ত পশুধন আৰু ৰাজহ আদায়ৰ নথি, ১৯৭১ চন পৰ্যন্ত দেৱালয় আৰু আন ধৰ্মীয় অনুষ্ঠানে প্ৰদান কৰা ৰাজহ সংগ্ৰহৰ নথি, ১৯৭১ চন পৰ্যন্ত বিদ্যালয়ে দিয়া প্ৰমাণ-পত্ৰ, সৈন্য বাহিনীত মকৰল প্ৰমাণ-পত্ৰ আৰু বন বিভাগ বা আন কৰ্তৃপক্ষই দিয়া ৰাজহ আদায়ৰ নথি।

বিজেপিৰ মতে, ৰাজ্যৰ খিলঞ্জীয়া, অনুসূচিত জাতি, অনুসূচিত জনজাতি, আদিবাসী, অন্যান্য পিছপৰা শ্ৰেণী, কোচ ৰাজবংশীকে ধৰি বিভিন্ন সম্প্ৰদায়, জাতি-জনগোষ্ঠীৰো বহু সংখ্যক লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে।