হিমন্তৰ ফৈদ আৰু সৰ্বাৰ ফৈদ : দুটা ভাগত বিভক্ত অসম ৰাজ্যিক বিজেপি!

এফালে কেন্দ্ৰীয় সৰ্বানন্দ সোণোৱাল পন্থী আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পন্থী। ২০২৬ৰ পূৰ্বে দুই পন্থীৰ বিজেপিৰ সংঘাত! হিমন্ত বিশ্বৰ ফৈদক পানী খুৱাবলৈ কঁকালত টঙালি বান্ধিছে নেকি সৰ্বানন্দ সোণোৱালৰ ফৈদৰ বিজেপিৰ নেতা-কৰ্মীয়ে। দুটা ভাগত বিভাজনৰ স্পষ্ট ইংগিত ৰাজ্যিক বিজেপিত। ৰাজ্যিক বিজেপিয়ে অস্বীকাৰ কৰিলেও স্পষ্ট হৈছে হিমন্ত আৰু সৰ্বা ফৈদৰ বিজেপিৰ সংঘাত। ২০২৬ৰ পূৰ্বে মূৰ দাঙি উঠিবলৈ তৎপৰ সৰ্বাৰ ফৈদ।

বিভাজন ক্ৰমাৎ স্পষ্ট হৈছে ৰাজ্যিক বিজেপিত। ২০২৬ৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ফৈদক পানী খুৱাবলৈ উঠিপৰি লাগিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফৈদে। সৰ্বা ফৈদৰ জেপিয়ে ২০২৬ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বাবনন্দ সোণোৱালক পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰো পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ফৈদৰ অতপালি, পুৰণি বিজেপিৰ প্ৰতি কৰি অহা অৱজ্ঞাসূচক আচৰণৰ পোটক তুলিবলৈ সাজু হৈছে সৰ্বাপন্থী বিজেপি। বিজেপিৰ ভিতৰুৱা সূত্ৰৰ মতে হিমন্ত সৰ্বাপন্থী আৰু হিমন্ত পন্থী বিজেপিৰ মাজত স্পষ্ট বিভাজন বিদ্যমান।

উল্লেখ্য যে, ২০২১ মুখ্যমন্ত্ৰী হৈয়ে হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱাল পন্থী বিজেপিৰ নেতাৰ পাখি কটা আৰম্ভ কৰিছিল। সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী কাৰ্যকালৰ মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, আইন উপদেষ্টা তথা বিজেপিৰ পুৰণি জ্যেষ্ঠ নেতা শান্তনু ভৰালীৰ পৰা বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ ৰূপম গোস্বামী নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাকে আদি কৰি সৰ্বানন্দ সোণোৱালৰ বহু ঘণিষ্ঠ বিজেপি নেতাক এঘৰীয়া কৰি আহিছে। বাজপেয়ী ভৱনতো অস্বিত্বহীন হৈ পৰিছে সৰ্বাপন্থী বিজেপি নেতাসকল। বিজেপিৰ ভিতৰুৱা সূত্ৰৰ মতে ইয়াৰ বাবেই সৰ্বাপন্থী নেতাসকলে বাজপেয়ী ভৱনলৈ আহ যাহো বন্ধ কৰি দিছে।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ তথা একান্ত অনুগত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ অত্যাচাৰত অতীষ্ঠ হৈ ইতিমধ্যে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ো মাজে মধ্যে হিমন্ত পন্থীৰ বিৰুদ্ধে মুকলিকৈয়ে বিদ্ৰোহ ঘোষণা কৰি আহিছে।

সৰ্বানন্দ সোণোৱালৰ দিনত দপদপাই থকা এইসকল নেতাই হিমন্ত পন্থীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি আহিছে। ইয়াৰ মাজতে সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ নেতা মমিনুল আৱালে এক বিস্ফোৰণ ঘটায়। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ আছিল এই মমিনুল আৱাল। এই আৱালৰ এটা ফেচবুক এতিয়া ৰাজনৈতিক ক্ষেত্ৰত চৰ্চা লাভ কৰিছে।

দুদিনপূৰ্বে আৱালে ফেচবুকত লিখিছিল – ‘সলনি নহ’লে কাম নহ’ব’। এই সলনি নহ’লে কাম নহ’বৰ দ্যৰ্থবোধক বাক্যৰে আৱালে ৰাজ্যৰ ক্ষমতা সলনিৰ কথাকে ইংগিত দিছে। অৰ্থাৎ ২০২৬ত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীত্বৰ গতিয়াই সৰ্বানন্দ সোণোৱালক পুনৰ অধিষ্ঠিত কৰাৰ কথাকেই কোৱা বুলি ধাৰণা কৰা হৈছে।

আৱালৰ ফেচবুক পোষ্টত দিয়া মন্তব্যসমূহতো ইয়াৰ ইংগিত দেখা গৈছিল। কিন্তু আমি এই প্ৰতিবেদন লিখি থকাৰ সময়তে বিজেপি নেতা আৱালে তেওঁৰ এই পোষ্ট ফেচবুকৰ পৰা আঁতৰাই পেলায়। যিটোৱে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে। মুঠৰ ওপৰত সৰ্বানন্দ সোণোৱালৰ ঘণিষ্ঠ মমিনুল আৱালে ফেচবুক পোষ্টৰ যোগে সৰ্বাপন্থী বিজেপিয়ে যে ৰাজ্যত পুনৰ ক্ষমতালৈ অহাটোকে ইংগিত প্ৰদান কৰিছে সেয়া ধূৰূপ। আৰু এই পোষ্টে সৰ্বা আৰু হিমন্ত পন্থীৰ বিজেপিৰ বিভাজনৰ ছবিখন অধিক স্পষ্ট কৰাৰো ইংগিত প্ৰদান কৰিছে।

লগতে ৰাজ্যিক বিজেপিৰ এই উলম্ব বিভাজনক অধিক স্পষ্ট আৰু বিতৰ্কৰ সৃষ্টি কৰি তোলাৰ আশংকাতে আৱালে এই পোষ্ট ফেচবুকৰ পৰা আঁতৰাই পেলাইছে বুলিও ধাৰণা কৰা হৈছে। মুঠৰ ওপৰত সৰ্বা-হিমন্ত ফৈদৰ বিভাজন যে স্পষ্ট আৰু ২০২৬ত সৰ্বা পন্থীয়ে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰোৱাৰ ৰণনীতি লৈছে সেয়া এই পোষ্টে ইংগিত প্ৰদান কৰিছে বুলি এতিয়া চৰ্চা চলিছে।