• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তৰ ফৈদ আৰু সৰ্বাৰ ফৈদ : দুটা ভাগত বিভক্ত অসম ৰাজ্যিক বিজেপি!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 9, 2024 4:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এফালে কেন্দ্ৰীয় সৰ্বানন্দ সোণোৱাল পন্থী আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পন্থী। ২০২৬ৰ পূৰ্বে দুই পন্থীৰ বিজেপিৰ সংঘাত! হিমন্ত বিশ্বৰ ফৈদক পানী খুৱাবলৈ কঁকালত টঙালি বান্ধিছে নেকি সৰ্বানন্দ সোণোৱালৰ ফৈদৰ বিজেপিৰ নেতা-কৰ্মীয়ে। দুটা ভাগত বিভাজনৰ স্পষ্ট ইংগিত ৰাজ্যিক বিজেপিত। ৰাজ্যিক বিজেপিয়ে অস্বীকাৰ কৰিলেও স্পষ্ট হৈছে হিমন্ত আৰু সৰ্বা ফৈদৰ বিজেপিৰ সংঘাত। ২০২৬ৰ পূৰ্বে মূৰ দাঙি উঠিবলৈ তৎপৰ সৰ্বাৰ ফৈদ।

বিভাজন ক্ৰমাৎ স্পষ্ট হৈছে ৰাজ্যিক বিজেপিত। ২০২৬ৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ফৈদক পানী খুৱাবলৈ উঠিপৰি লাগিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফৈদে। সৰ্বা ফৈদৰ জেপিয়ে ২০২৬ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বাবনন্দ সোণোৱালক পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰো পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ফৈদৰ অতপালি, পুৰণি বিজেপিৰ প্ৰতি কৰি অহা অৱজ্ঞাসূচক আচৰণৰ পোটক তুলিবলৈ সাজু হৈছে সৰ্বাপন্থী বিজেপি। বিজেপিৰ ভিতৰুৱা সূত্ৰৰ মতে হিমন্ত সৰ্বাপন্থী আৰু হিমন্ত পন্থী বিজেপিৰ মাজত স্পষ্ট বিভাজন বিদ্যমান।

Apply Now

উল্লেখ্য যে, ২০২১ মুখ্যমন্ত্ৰী হৈয়ে হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱাল পন্থী বিজেপিৰ নেতাৰ পাখি কটা আৰম্ভ কৰিছিল। সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী কাৰ্যকালৰ মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, আইন উপদেষ্টা তথা বিজেপিৰ পুৰণি জ্যেষ্ঠ নেতা শান্তনু ভৰালীৰ পৰা বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ ৰূপম গোস্বামী নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাকে আদি কৰি সৰ্বানন্দ সোণোৱালৰ বহু ঘণিষ্ঠ বিজেপি নেতাক এঘৰীয়া কৰি আহিছে। বাজপেয়ী ভৱনতো অস্বিত্বহীন হৈ পৰিছে সৰ্বাপন্থী বিজেপি নেতাসকল। বিজেপিৰ ভিতৰুৱা সূত্ৰৰ মতে ইয়াৰ বাবেই সৰ্বাপন্থী নেতাসকলে বাজপেয়ী ভৱনলৈ আহ যাহো বন্ধ কৰি দিছে।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ তথা একান্ত অনুগত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ অত্যাচাৰত অতীষ্ঠ হৈ ইতিমধ্যে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ো মাজে মধ্যে হিমন্ত পন্থীৰ বিৰুদ্ধে মুকলিকৈয়ে বিদ্ৰোহ ঘোষণা কৰি আহিছে।

সৰ্বানন্দ সোণোৱালৰ দিনত দপদপাই থকা এইসকল নেতাই হিমন্ত পন্থীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি আহিছে। ইয়াৰ মাজতে সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ নেতা মমিনুল আৱালে এক বিস্ফোৰণ ঘটায়। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ আছিল এই মমিনুল আৱাল। এই আৱালৰ এটা ফেচবুক এতিয়া ৰাজনৈতিক ক্ষেত্ৰত চৰ্চা লাভ কৰিছে।

দুদিনপূৰ্বে আৱালে ফেচবুকত লিখিছিল – ‘সলনি নহ’লে কাম নহ’ব’। এই সলনি নহ’লে কাম নহ’বৰ দ্যৰ্থবোধক বাক্যৰে আৱালে ৰাজ্যৰ ক্ষমতা সলনিৰ কথাকে ইংগিত দিছে। অৰ্থাৎ ২০২৬ত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীত্বৰ গতিয়াই সৰ্বানন্দ সোণোৱালক পুনৰ অধিষ্ঠিত কৰাৰ কথাকেই কোৱা বুলি ধাৰণা কৰা হৈছে।

আৱালৰ ফেচবুক পোষ্টত দিয়া মন্তব্যসমূহতো ইয়াৰ ইংগিত দেখা গৈছিল। কিন্তু আমি এই প্ৰতিবেদন লিখি থকাৰ সময়তে বিজেপি নেতা আৱালে তেওঁৰ এই পোষ্ট ফেচবুকৰ পৰা আঁতৰাই পেলায়। যিটোৱে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে। মুঠৰ ওপৰত সৰ্বানন্দ সোণোৱালৰ ঘণিষ্ঠ মমিনুল আৱালে ফেচবুক পোষ্টৰ যোগে সৰ্বাপন্থী বিজেপিয়ে যে ৰাজ্যত পুনৰ ক্ষমতালৈ অহাটোকে ইংগিত প্ৰদান কৰিছে সেয়া ধূৰূপ। আৰু এই পোষ্টে সৰ্বা আৰু হিমন্ত পন্থীৰ বিজেপিৰ বিভাজনৰ ছবিখন অধিক স্পষ্ট কৰাৰো ইংগিত প্ৰদান কৰিছে।

লগতে ৰাজ্যিক বিজেপিৰ এই উলম্ব বিভাজনক অধিক স্পষ্ট আৰু বিতৰ্কৰ সৃষ্টি কৰি তোলাৰ আশংকাতে আৱালে এই পোষ্ট ফেচবুকৰ পৰা আঁতৰাই পেলাইছে বুলিও ধাৰণা কৰা হৈছে। মুঠৰ ওপৰত সৰ্বা-হিমন্ত ফৈদৰ বিভাজন যে স্পষ্ট আৰু ২০২৬ত সৰ্বা পন্থীয়ে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰোৱাৰ ৰণনীতি লৈছে সেয়া এই পোষ্টে ইংগিত প্ৰদান কৰিছে বুলি এতিয়া চৰ্চা চলিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd